খালিস্তানীৰ লক্ষ্য কোন?

গৃহমন্ত্ৰীক প্ৰাণে মৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে খালিস্তানীয়ে৷ পানী নসৰকা নিৰাপত্তাৰ মাজতো বাৰম্বাৰ কূটাঘাত কৰা বিচ্ছিন্নতাবাদীৰ পৰৱৰ্তী লক্ষ্য হৈছে অমিত শ্বাহ৷ এতেকে গৃহমন্ত্ৰীৰ প্ৰাত্যহিক সূচীৰ খবৰ সংগ্ৰহ কৰিছে খালিস্তানীয়ে৷ ভাৰতস্থিত অভাৰগ্ৰাউণ্ড এজেণ্টৰ মাধ্যমেৰে অমিত শ্বাহৰ আহ-যাহৰ খবৰ সংগ্ৰহ কৰিছে৷
মোদী মন্ত্ৰীসভাৰ দ্বিতীয় শক্তিশালী সদস্যজনৰ বিদেশ ভ্ৰমণৰ সঠিক তথ্য দিব পৰা জনলৈ ১০ লাখ টকাৰ নগদ পুৰস্কাৰো ঘোষণা কৰিছে খালিস্তানী নেতা গুৰপতৱন্ত সিং পন্নুনে৷ আমেৰিকাত স্বেচ্ছা নিৰ্বাসনত থকা পন্নুনে ইতিমধ্যে বিভিন্ন উৎসৰ সৈতে অমিত শ্বাহৰ বিতং খবৰ বিচাৰিছে যোগাযোগ কৰিছে৷ তেওঁৰ তৎপৰতাৰ উমান ইতিমধ্যেই পাইছে ভাৰতীয় চোৰাংচোৱাই৷
দিল্লীৰ এখন চি আৰ পি এফ পৰিচালিত বিদ্যালয়ত সংঘটিত বিস্ফোৰণৰ পিছত ভিন্নপ্ৰান্তত খালিস্তানীৰ সক্ৰিয়তা নিশ্চিত হৈছে৷ খবৰ অনুসৰি অৰ্ধ-সামৰিক বাহিনীৰ দ্বাৰা চালিত স্কুল আৰু শিবিৰত কূটাঘাত সংঘটিত কৰিবলৈ এলানি পৰিকল্পনা কৰিছে বিচ্ছিন্নতাবাদীয়ে৷ পন্নুনৰ মতে চি আৰ পি এফে বিগত সময়ত শিখসকলৰ ওপৰত নৃশংস নিৰ্যাতন চলাইছিল৷
যাৰ বাবে শিখ ধৰ্মাৱলম্বীয়ে অৰ্ধ-সেনাক ঘৃণা কৰা উচিত বুলিও পন্নুনে অভিহিত কৰিছে৷ এই পৰিকল্পনাৰেই চি আৰ পি এফ পিচালিত বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটোৱা বুলি গুপ্তচৰে তথ্য লাভ কৰাৰ পিছত বৃদ্ধি কৰা হৈছে গৃহমন্ত্ৰীৰ সুৰক্ষা৷
ইতিমধ্যে প্ৰকাশিত খবৰ অনুসৰি অমিত শ্বাহৰ বিদেশ ভ্ৰমণৰ বিষয়ে সবিশেষ খবৰ দিয়া এজেণ্টলৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে খালিস্তানীয়ে৷ শেহতীয়াকৈ আমেৰিকাই পন্নুনক হত্যাৰ বাবে চি আৰ পি এফে আমেৰিকাত চক্ৰান্ত কৰা বুলি তথ্য প্ৰকাশৰ পিছতে অধিক সক্ৰিয়তা প্ৰদৰ্শন কৰিছে বিচ্ছিন্নতাবাদীয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email