কান্দিয়েই আছে সুন্দৰী চুমিয়ে

প্ৰথম স্বামীক ফাকি দি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিছিল চুমি বৰা৷ তাৰ পিছতে চুমিক গুৱাহাটীয়ে কৰি তুলিলে পৰিপূৰ্ণ৷ দামী গাড়ীত উঠি, অজস্ৰ সম্পত্তিৰ গৰাকী হৈ চুমিয়ে গুৱাহাটীত যথাৰ্থতে ৰাজ কৰিলে৷ নিত্যকৰ্মৰ বাবেও সোণৰ ক’মডত বহিল চুমি৷
কিন্তু এতিয়া গুৱাহাটী বুলিলেই ভয় খাই চুমিয়ে৷ কাৰাৰূদ্ধ জীৱনত বাকৰূদ্ধ হৈ পৰা চুমিয়ে সেয়ে এতিয়া মাত্ৰ কান্দিছে৷ জে’লৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেভেলাৰতো ঠেলিহে সুমুৱাবলগীয়া হৈছে চুমিক৷
কোনোপধ্যে ট্ৰেভেলাৰত উঠিবলৈ নিবিচৰা চুমি কান্দি-কাটি উন্মাদ হৈ পৰিছিল৷ পিছে তেতিয়াই পুলিচে গতিয়াই তেওঁক উঠাই জপাই দিলে ট্ৰেভেলাৰৰ দুৱাৰ৷
বৰ্তমান সুন্দৰীৰ ক্ৰন্দনে হিয়া গলাব পৰা নাই কঠুৱা আৰক্ষী বিষয়াৰ৷ এতেকে অৰণ্যৰোদনত পৰিণত হৈছে চুমিৰ হিয়াভগা কান্দোন৷
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকাৰ সময়তো চুমিসহ ৭ অভিযুক্তক ছেছন ক’ৰ্টত হাজিৰ কৰোৱা হৈছিল৷ তেতিয়া সকলোৱে এখন নিৰ্দেশপত্ৰত চহী কৰিছিল৷
কিন্তু পত্ৰখনত চহী কৰাৰ সময়ত হুকহুকাই কান্দিছিল চুমিয়ে৷ যেতিয়া স্বাক্ষৰৰ বাবে চৰকাৰী বিষয়াই পত্ৰখন আগুৱাই দিছিল তেতিয়া ৰৈ থাকিব পৰা নাছিল চুমি৷ লাহ-বিলাহৰ জীৱন কটোৱা চুমিয়ে ক’ৰ্টতে চিঞৰি চিঞৰি মাত্ৰ কান্দিছিল৷
কিন্তু সুন্দৰী চুমিৰ কান্দোনে হিয়া গলাব নোৱাৰিলে কাৰো৷ কোটৰত সোমোৱা চকুৰে চুমিয়ে কিন্তু কৰিলে চিৎকাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email