অ বৌ….ভাত বাঢ়ক৷ ইলিচ মাছ আছেনে…? সেইদিনা ফণীভূষণ চৌধুৰীৰ ঘৰত ইলিচ মাছ নাছিল৷ পিছে হাঁহে-মাহে অতুল বৰাক এসাজঁ ভালদৰেই খুৱাইছিল দীপ্তিময়ী চৌধুৰীয়ে৷ ফণীভূষণৰ পত্নীয়ে কচুও ৰান্ধিছিল আলহী অতুল বৰা আৰু কেশৱ মহন্তৰ কাৰণে৷ দুয়ো টকালি পাৰি বঙাইগাঁৱৰ দ’দ’ খুৰাৰ ঘৰত খাইছিল ভাতসাঁজ৷
পিছে সঁচাকৈ কৈছোঁ- ইমান সোৱাদ লগা ভোজনৰ পিছতো অতুল আৰু কেশৱে ফণীভূষণক নিমখ হাৰামী কৰিলে৷ আনৰ ককৰ্থনা শুনি, লঘু-লাঞ্জনা সহি ফণীভূষণে পত্নী দীপ্তিময়ীক টিকট দিলে৷ কিন্তু ছেগ বুলি পাল্টি মাৰি দিলে অতুল-কেশৱে৷ আপুনি যি কৰে কৰক বুলি ফণীভূষণৰ কান্ধতে জাপি দিলে সকলো দায়িত্ব৷ বিসম্বাদ যেতিয়া বেছি হ’ল তেতিয়া ফণীভূষণেই ল’বলগীয়া হ’ল সকলো বোজা৷ ইমান তৃপ্তিৰে ভাত এসাঁজ খুৱাই পঠিওৱাৰ পিছতো অতুল-কেশৱে ফণীক সহায় নকৰিলে৷ দুয়ো মূৰ পোলোকা মাৰিলে,
ফলত পৰিস্থিতি এনে হৈছেগৈ যে এটা EVMৰে বঙাইগাঁৱত ভোটিং সম্পন্ন নহ’বগৈয়ো পাৰে৷ বিসম্বাদী অগপ নেতাই নিৰ্দলীয় হিচাপে বৰ্তমান দাখিল কৰি আছে মনোনয়ন৷ জিকাৰ লক্ষ্য কাৰো নাইষ কিন্তু সকলোৰে লক্ষ্য দীপ্তিময়ীক হৰুওৱা৷ সম্ভৱতঃ বঙাইগাঁৱত নিৰ্বাচনৰ বাবে দুই-চাৰিটা EVM লাগিব৷ অতুল আৰু কেশৱে নিমখ হাৰামী নকৰাহেঁতেন পৰিস্থিতি এনে হোৱাৰ ভয় কিন্তু নাছিল৷