কুলীন ব্ৰাহ্মণ পৰিয়ালৰ সন্তান শশী ফুকনৰ প্ৰয়াণৰ সমান্তৰালভাৱে বিয়োগ ঘটিল বিদূষকৰ৷ শশী ফুকন নোহোৱা হ’ল, লগে লগে কালৰ বুকুত জাহ গ’ল সকলোৰে পৰিচিত উত্তৰদাতা বিদূষক৷
নিয়তিৰে যুঁজত শশী ফুকন পৰাভূত হোৱাৰ খবৰ অসমে পাইছে৷ অসমীয়া সাহিত্যৰ ভাল দিনৰ সম্ৰাট ফুকনৰ মানসপুত্ৰ বিস্ময়ৰ কথাও সবাৰে মনত পৰিছে৷
একালত ট্ৰাকেৰে অসমৰ কিতাপৰ দোকানলৈ প্ৰেৰণ কৰা বিস্ময়খন জীয়াই ৰাখিবলৈ শশী ফুকনে কিন্তু কিমান সংগ্ৰাম কৰিছিল সেয়া বহুতে নাজানে৷ প্ৰাণাধিক আলোচনীখনৰ স্বত্ত্ব বিক্ৰী কৰিবলৈয়ো তেওঁ য়ে বহুতৰে সৈতে যোগাযোগ কৰিছিল সেয়া গোপন সত্য৷
বিস্ময় প্ৰকাশ কৰিবলৈ অসমৰ্থতা প্ৰকাশ কৰি সম্পাদকীয়তে ছাৰেণ্ডাৰ কৰা শশী ফুকন আছিল গোমোঠা মুখৰ৷ বিস্ময়ে পাঠকক হঁহুৱাইছিল৷ কিন্তু বিস্ময়ৰ সম্পাদকে হঁহা নাছিল৷ তেওঁ সদায় আছিল গহীন-গম্ভীৰ৷
৫২ বছৰ একেখন চকীতে বহি থকা শশী ফুকনে দেখি গ’ল বহু সোণালী দিন৷ ট্ৰাকেৰে পঠিয়ায়ো বিস্ময়ৰ চাহিদা পূৰণ কৰিব নোৱাৰা ফুকনৰ জীৱিত কালতে বিস্ময় নোহোৱা হৈ গ’ল৷