পানী খাবলৈ গৌৰৱে কিমান দিছিল!

আচলতে গৌৰৱ গগৈয়ে নাজানে৷ কিয় নাজানে তাৰো কাৰণ আছে,
যোৱা লোকসভা নিৰ্বাচনৰ কথা৷ গৌৰৱৰ হৈ যোৰহাটত এদল যুৱকে মটৰ চাইকেল ৰেলী কৰিলে৷ সকলো গুচি যোৱাৰ পিছত ৰেলী কৰা যুৱক কংগ্ৰেছৰ বিষয়ববীয়াৰ একাংশ যোৰহাট চাৰ্কিট হাউছত ৰ’লগৈ৷ তেতিয়াই আকৌ চাৰ্কিট হাউছত বহি আছিল গৌৰৱ, দিল্লীৱালা মহিমা সিং আৰু দুজনমান নেতা৷
এজনে ভিতৰলৈ গৈ গৌৰৱক ক’লেগৈ- দাদা, ল’ৰাবোৰৰ পিয়াহ লাগিছে৷ কিবা এটা দিয়ক৷
তৎক্ষণাত গৌৰৱ থিয় হ’ল৷ কূৰ্তা-পাইজামাৰ পকেট খুচৰি তেওঁ সতীৰ্থক পানী খাবলৈ ২০ টকা দি দিলে৷
কেহেৰাজ যেন মলিন মুখেৰে হতভম্ব যুৱ কংগ্ৰেছী যাবলৈ ধৰোতেই মহিমা সিঙে অৱশ্যে মাতিলে৷ তেওঁ দিলে পানী খাবলৈ ৫০০ টকা৷
তেতিয়াৰ পৰাই কংগ্ৰেছৰ কৃপণ নেতাৰ লিষ্টত নাম সোমাল গৌৰৱৰ৷
অৱশ্যে বহুতৰে মতে নিৰ্বাচন খেলিবলৈ যে পইচা লাগে সেই কথাটো গৌৰৱে নাজানে৷ কাৰণ তেওঁৰ হৈ প্ৰতিটো ইলেকশ্যনতে পইচা গোটাই দিছিল পিতৃ তৰুণ গগৈয়ে৷ দেউতাকৰ কথামতেই বহুতে গৌৰৱৰ বাবে ধন বিনিয়োগ কৰিছিল৷
গতিকে ক’ৰ পৰা পইচা আহে আৰু কাক দিব লাগে সেয়া গৌৰৱে নাজানে৷ গৌৰৱে মাত্ৰ ভাষণ দিবলৈহে জানে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email