চুঙাপিঠা নহয়, চুঙা নিমখ৷
কিনিলে এচুঙা নিমখৰ দাম কমেও ১০০ টকা৷
বিদেশত চুঙা লোণৰ কোটিটকীয়া বজাৰ৷
আপুনি আচৰিত হ’লেও এই তথ্য শুদ্ধ৷ অসমৰ পৰা সম্প্ৰতি বিদেশলৈ ৰপ্তানি কৰা হৈছে এবিধ বিশেষ নিমখ৷ অৱশ্যে নিমখবিধৰ কোনো বিশেষত্ব নাই৷ পিছে অসমত থলুৱা শৈলীৰ নিমখবিধৰ ঔষধি গুণ বৃদ্ধি কৰা হৈছে৷
চুঙাপিঠাৰ দৰেই চুঙাত নিমখ ভৰাই খেৰৰ জুইত ভালদৰে পোৰা হয়৷ সেই নিমখ শৰীৰৰ বাে অত্যন্ত উপকাৰী হিচাপে বৈজ্ঞানিক পৰীক্ষাত প্ৰতিপন্ন হৈছে৷
আয়’ডিনযুক্ত নিমখৰ সৈতে কুমলীয়া বাঁহৰ সংমিশ্ৰণে শৰীৰৰ প্ৰ’টিন ভাণ্ডাৰৰ উপকাৰ কৰে৷ তদুপৰি কেবাপ্ৰকাৰৰ ভিটামিনৰ লগতে শৰীৰে উপকাৰী লৱণো লাভ কৰে৷ বিজ্ঞানীয়ে এই তথ্য লাভ কৰাৰ পিছত বিদেশত বাঢ়িছে অসমৰ চুঙা নিমখৰ চাহিদা৷
বৰ্তমান যোৰহাটৰ পৰা দৈনিক লাখ লাখ টকাৰ চুঙা নিমখ অসমৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে৷ খবৰ অনুসৰি আমেৰিকালৈ গৈছে কোটি টকাৰ নিমখ৷
এচুঙা নিমখৰ দাম ১০০ টকা নিৰ্ধাৰণ কৰা হৈছে৷ তদুপৰি চুঙা নিমখ পুৰিবলৈ গ্ৰাম্য জনতাৰ পৰা ক্ৰয় কৰা হৈছে বাঁহ৷ গতিকে গঞাও উপকৃত হৈছে৷