চান্দা দি দি অতিষ্ঠ হৈয়েই বন্ধ কৰিলে কাম

কথাৰ গুৰি আচলতে ক’ৰবাতহে৷ বাহিৰৰ ঠিকাদাৰী প্ৰতিষ্ঠানক আমি বেয়া পালেও তেওঁলোকৰ দোষ নাই৷ আচলতে দোষ আমাৰ বীৰ পুৰুষসকলৰহে৷ তেওঁলোকে অত্যাচাৰ কৰি কৰিয়েই অসম এৰি পলাবলৈ বাধ্য কৰালে ঠিকাদাৰক৷ সেইবাবেই আধাসজা হৈ থাকিল মাজুলীৰ দলং৷
আগতে কেবাবাৰো কোৱা কথাবোৰকে পেঘেনিয়াই নাথাকো৷ আচলতে মাজুলী সংযোগী বিশাল দলংখনৰ বাবে মূল ঠিকাদাৰী সংস্থাই কেবাটাও উপ-প্ৰতিষ্ঠানক দায়িত্ব দিছিল৷ সেইসূত্ৰে নিয়াৰিকৈ চলি আছিল নিৰ্মাণ কাৰ্য৷
পিছে উপ-ঠিকাদাৰক নগুৰ-নাকতি কৰিলে উজনি অসমৰ জাতীয়তাবাদী সংগঠনে৷ চান্দা বিচাৰি বিচাৰি উপ-ঠিকাদাৰৰ অৱস্থা কাহিল কৰি দিলে জাতীয়তাবাদীয়ে৷ যোৰহাট আৰু মাজুলীৰ কেবাটাও সংগঠনক পইচা দি দি কাহিল হৈ গ’ল উপ-ঠিকাদাৰৰ অৱস্থা৷
মাজুলী সংযোগী দলং সাজিবলৈ দিয়াৰ বিনিময়ত সংগঠনে ঠিকাদাৰৰ পৰা বিচাৰিলে প্ৰ’টেকশ্যন মানী৷ ইতিমধ্যে কেবাবাৰো ঠিকাদাৰে তেওঁলোকক কিন্তু চান্দা দিছিলেই৷ তাৰ পিছতো মাহেকে-পষেকে ধন দি অতিষ্ঠ হৈয়েই উপ-ঠিকাদাৰে পলাই পত্ৰং দিলে৷
কাম কৰি লাভ হোৱা ধন চান্দা দিওতেই খৰচ হোৱাৰ উমান পাই অসমৰ পৰা পলাই গ’ল উপ-ঠিকাদাৰ৷ পৰিণতিত দলঙৰ কামেই বন্ধ হৈ গ’ল৷
এই ঘটনাৱলীৰ সৈতে চাৰিটা জাতীয়তাবাদী সংগঠন জড়িত হৈ আছে৷ তদুপৰি যোৰহাটৰ তিনিজন দগধা জাতীয়তাবাদীয়েও লৈছে ঠিকাদাৰৰ ধন৷ নাম শুনিলে আচৰিত হ’ব- কিন্তু এজন সাংবাদিকেও ঠিকাদাৰৰ পৰা লৈছে পকেট খৰচ৷
তেওঁলোকৰ দুষ্কৰ্মৰ প্ৰামাণিক তথ্য আমাৰ হাতত আছে৷ জাতীয়তাবাদী আৰু সাংবাদিকৰ যুগলবন্দীয়ে মাজুলীৰ দলঙৰ কাম বন্দ কৰি দিয়াৰ সবিশেষ আখ্যান আমি শীঘ্ৰে ব্যাখ্যা কৰিম৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email