চাচাৰ হঠাৎ ভতিজালৈ কিয় পৰিছে মনত

নিখুঁত টাইমিঙেৰে ডুবাইৰ পৰা উভতি আহিছে চাচা আজমল৷ অসমত উপস্থিত হৈয়েই আজমলে আৰম্ভ কৰি দিছে চাচা-ভতিজাৰ ৰাজনীতি৷ কেইদিনমান আগলৈ চামগুৰিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ তৎপৰ হৈ থকা AIUDF নেতাসকলক আজমলে জনাই দিছে সিদ্ধান্তৰ কথা৷ ভতিজাক তাঞ্জিলক জিকাবলৈ যে সৰ্বস্ব ত্যাগ কৰিব সেয়াও ঘোষণা কৰিছে আজমলে৷
কিন্তু তেওঁৰ হঠাৎ ৰকিবুলৰ প্ৰতি উদয় হোৱা সদ্ভাৱৰ কাৰণ কি? ধুবুৰীত ১০ লাখ ভোটত পৰাজয়ৰ বেদনা কেনেকৈ পাহৰিলে আজমলে? নে চাচা-ভতিজাৰ ৰাজনীতি আজমলৰ নতুন গে’মপ্লেন?
প্ৰায় ডেৰদশক অসমৰ সংখ্যালঘু ৰাজনীতিত হিৰ’ হৈ থকা আজমল হঠাতে হৈ পৰিল জিৰ’৷ বদৰুদ্দিন আজমল বিজেপিৰ এজেণ্ট- এই কথাষাৰেই ভোটাৰৰ মন-মগজুত প্ৰতিষ্ঠা কৰি ধুবুৰীত তেওঁক বিৰোধীয়ে পৰাস্ত কৰিছিল৷ প্ৰতিজন নেতাই প্ৰচাৰৰ সময়ত কৈছিল আজমল আচলতে ছদ্মবেশী বিজেপিহে৷
বৰ্তমান সেই বদনাম আঁতৰ কৰাটোৱেই হৈ পৰিছে আজমলৰ লক্ষ্য৷ তেওঁ বিজেপিৰ এজেণ্ট নহয় বুলি ভোটাৰক পতিয়ন নিয়াবলৈ চেষ্টা চলাইছে আজমলে৷ সেয়ে গে’মপ্লেন সলনি কৰি দলীয় প্ৰাৰ্থীও প্ৰক্ষেপ কৰা নাই চামগুৰিত৷
ৰকিবুল হুছেইনৰ শক্তিশালী দুৰ্গত আজমলে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’লেই কঠিন যুঁজৰ সম্ভাৱনা আছিল৷ পিছে তেওঁ তাঞ্জিল হুছেইনক ভতিজা বুলি মানি লৈ প্ৰাৰ্থী প্ৰক্ষেপৰ পৰা বিৰত থাকি কংগ্ৰেছকে কিন্তু ভৱিষ্যতলৈ বিপদত পেলালে৷
আজমলৰ সহায়েৰে সম্ভৱতঃ এইবাৰ তাঞ্জিল সুকলমেই বৈতৰণী পাৰ হ’ব৷ পিছে ভৱিষ্যতে আজমলেই তেওঁক কৰিব মৰণাঘাত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email