বিহালীৰ বিহ গিলি গৌৰৱ গগৈয়ে যি বেইমানি কৰিলে, তাৰ পৰিণতি কি হ’ব?
যোৱা নিৰ্বাচনৰ পূৰ্বে বিজেপি সন্ত্ৰস্ত হৈ উঠাৰ অন্যতম কাৰণ আছিল তিনি গগৈ৷ অখিল, লুৰীণ আৰু গৌৰৱে একেলগে ফটোৰ প’জ দিয়াৰ পিছতে বিজেপিয়েও আহোম ৰাজনীতি কৰিবলৈ বাধ্য হৈছিল৷ পিছদিনাই একেলগে সংবাদমেল সম্বোধন কৰিছিল বিজেপিৰ আহোম মন্ত্ৰী-বিধায়কে৷
কিন্তু অনৰ্থকভাৱে গৌৰৱে সকলোৰে সৈতে শতৰু শালি ল’লে৷ যোৰহাটত অগপ-বিজেপি সকলোৰে সমৰ্থনতহে যে তেওঁ জিকিছিল সেই কথাও গৌৰৱে পাহৰি পেলালে৷
পৰাজয় অৱধাৰিত বিহালীত প্ৰাৰ্থিত্ব প্ৰদানৰ নামতে গৌৰৱে যিমান অভঙালি কৰিলে সেই কথাই বিৰোধীৰ গগৈ ৰাজনীতি ধ্বংস কৰিলে৷
আনহাতে গৌৰৱৰ বিপক্ষে হাৰি যোৱাৰ অভিনয় কৰি ভূপেন বৰায়ো দুইতাল মিলাই ৰাখিলে৷ তেওঁ পদত্যাগ পত্ৰখনত চহী কৰিলে পৰহিয়েই, কিন্তু প্ৰকাশ কৰিলে কালি৷
অৰ্থাৎ ৰাজনীতি আৰু পদত্যাগৰ নামত অসমত এখন নাটক মঞ্চস্থ হ’ল৷