কালিকা লগা আকাশত উৰিব নোৱাৰা হৈছে উৰাজাহাজ৷ যাত্ৰীয়ে আসন গ্ৰহণ কৰাৰ পিছতো কৰিবলগীয়া হৈছে বিমান খালী৷ অদৃশ্য শক্তিৰ হুমকিত বিপৰ্যস্ত হৈ পৰিছে ভাৰতীয় আকাশীখণ্ড৷ নিৰাপত্তা প্ৰণালী পানী নসৰকা কৰাৰ পিছতো শত্ৰুৰ কোপদৃষ্টিত পৰিছে সকলো পৰিবহণ প্ৰতিষ্ঠান৷ যোৱা পষেকজুৰি অব্যাহত আতংকৰ পুনৰাবৃত্তি ঘটি আজি আকৗ অচল হৈ পৰিছে ভাৰতীয় বিমানসেৱা৷ উৰণৰ বাবে সাজু হোৱা উৰাজাহাজত বোমা থকা বুলি অজ্ঞাত স্থানৰ পৰা ইমেইল অথবা এক্সৰ জৰিয়তে আততায়ীয়ে দিয়া হুমকিৰ পিছত আকৗ ৰানৱে’ৰ পৰা ওভতাই আনিবলগীয়া হৈছে বিমান৷
প্ৰাপ্ত তথ্য অনুসৰি প্ৰথমে ভিষ্টাৰাৰ আকাশীযানত বোমা সংস্থাপন কৰা বুলি দুৰ্বৃত্তই দাবী কৰিছিল৷ বুধবাৰে পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত আজি উৰণৰ প্ৰক্ৰিয়া আৰম্ভণিৰ লগে লগে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক এখন বিমানত বিস্ফোৰক থকাৰ খবৰ দিয়ে অজ্ঞাত ব্যক্তিয়ে৷ তাৰ পিছত ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষয়ো অনুৰূপ খবৰ পালে৷ ইণ্ডিগ’ৰ ২০ খন বিমানত বোমা সংস্থাপনৰো সম্ভেদ দিলে দুৰ্বৃত্তই৷
দিনটোৰ ভিতৰতে মুঠ ৮৫ উৰাজাহাজত বোমাতংকৰ সৃষ্টি হোৱাৰ পিছতো কিন্তু বিস্ফোৰক উদ্ধাৰ নহ’ল৷ ইণ্ডিয়ান এয়াৰলাইনছৰো কেবাখনো বিমানত বিশেষজ্ঞৰ দলে ততালিকে তালাচী চলালে যদিও একোৱেই বিচাৰি নাপালে৷ বৰ্তমান তদন্তকাৰীয়ে সদৰী কৰা অনুসৰি প্ৰধানত: এক্স একাউণ্টৰ জৰিয়তে দুৰ্বৃত্তই দিছে বোমা সংস্থাপনৰ হুমকি৷ কিন্তু সেই বিশেষ একাউণ্ট চালনা কৰাৰ আই পি এড্ৰেছ উলিয়াব পৰা নাই আৰক্ষীয়ে৷
আকাশা এয়াৰলাইনৰো ২৫ খন বিমানৰ উৰণ বোমাতংকৰ ফলতে বিলম্বিত হোৱাৰ ফলত ঘটনাৱলীক গুৰুত্বসহকাৰে পৰ্যৱেক্ষণ কৰিছে কেন্দ্ৰই৷ এই বিষয়ত অধিক কঠোৰতাৰ নিৰ্দেশ দিছে নৰেন্দ্ৰ মোদীয়ে৷ আনহাতে উৰণ পথ সলনি আৰু বিলম্বৰ পৰিপ্ৰেক্ষিতত ২৪ ঘণ্টাতে ২৪ কোটি টকা লোকচানৰ সন্মুখীন হৈছে বিমান পৰিবহণ প্ৰতিষ্ঠান৷