ভাৰতত নিষিদ্ধ হ’ব এক্স৷ পূৰ্বে টুইটাৰ নামেৰে পৰিচালিত ছ’চিয়েল মিডিয়া বন্ধ কৰিবলৈ চৰকাৰ উদ্যত হৈছে৷ বিমানত বোমা সংস্থাপনৰ উৰাবাতৰিয়ে দেশৰ উৰণ খণ্ডক বিপৰ্যস্ত কৰাৰ ফলশ্ৰুতিত এক্স নিষিদ্ধকৰণৰ বাবে চলোৱা হৈছে প্ৰস্তুতি৷ সম্প্ৰতি সমগ্ৰ ঘটনাক্ৰমত প্ৰতিষ্ঠানটোৰ অমনোযোগিতাৰ সংযোগ বিচাৰি উলিয়াইছে চৰকাৰে৷
১২০ খন বিমানত বিস্ফোৰক থকাৰ ভুৱা খবৰে মৰ্যাদা হানি কৰিছে দেশৰ৷ স্বাভাৱিকতে বিশ্বৰ চকুত চৰকাৰো লঘু-লাঞ্জনাৰ সন্মুখীন হৈছে৷ কিন্তু উৰাবাতৰি বিয়পোৱা এক্স উপভোক্তাৰ ঠিকনা প্ৰদানত বিলম্ব কৰিছে এলন মাস্ক মালিকানাধীন প্ৰতিষ্ঠানটোৱে৷ পষেকজুৰি বিমানখণ্ড চাঞ্চল্যৰ সৃষ্টি কৰা খবৰৰ মূল উৎস আছিল আকৗ ছ’চিয়েল মিডিয়া ছাইটটো৷
গতিকে চৰকাৰীভাৱে উৰাজাহাজত বোমা থকাৰ সম্ভেদ দিয়া এক্স উপভোক্তাৰ আই পি এড্ৰেছ আৰু সকলো সম্ভেদ কৰ্তৃপক্ষক বিচৰা হৈছিল৷ পিছে বাৰম্বাৰ আহ্বানৰ পিছতো প্ৰতিষ্ঠানটোৰ পৰা তদন্তকাৰীয়ে আশানুৰূপ সঁহাৰি পোৱা নাই৷ আজি তথ্য-প্ৰযুক্তি বিভাগৰ যুটীয়া সচিব সংকেত এছ ভণ্ডৱে সদৰী কৰা অনুসৰি বোমা সংস্থাপনৰ গুজব বিয়পোৱা এক্স উপভোক্তাৰ বিষয়ে সঠিক তথ্য বিচাৰি আকৗ জাননী প্ৰেৰণ কৰা হৈছে৷
কিন্তু ৰহস্যজনকভাৱে কিয় প্ৰতিষ্ঠানটোৱে সন্দেহজনক উপভোক্তাক সুৰক্ষা দিছে সেয়াহে হৈ পৰিছে বিচাৰ্য বিষয়৷ গতিকে চৰকাৰী নিৰ্দেশ অমান্য কৰাৰ অভিযোগতো এক্স অভিযুক্ত হৈছে৷ আনহাতে কেবাটাও ৱেবছাইটৰ ড’মেইনো সন্দেহজনক উপভোক্তাই নিজৰ হেণ্ডেলত আপলোড কৰিছিল বুলি নিশ্চিত হৈছে তদন্তকাৰী৷
এতেকে সুকীয়াকৈ চলোৱা হৈছে অনুসন্ধান৷ এই বিষয়টো সম্প্ৰতি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷ যদি এক্সে আকৗ চৰকাৰী নিৰ্দেশ অমান্য কৰে তেন্তে ভাৰতত নিষিদ্ধ হ’ব কাৰ্যক্ৰম৷