মিত্ৰৰ ওচৰত ৰাহুলৰ ছাৰেণ্ডাৰ

গৌৰৱ গগৈয়ে অসমত পাৰেমানে অপমান কৰিছে মিত্ৰদলক৷ গৌৰৱৰ বাবে বোজাহে হৈ পৰিছে মিত্ৰতা৷ পিছে ৰাষ্ট্ৰীয় ৰাজনীতিত দিশহাৰা হৈ পৰিছে কংগ্ৰেছ৷ আনকি মিত্ৰজোঁটতে হ্ৰাস পাইছে দলটোৰ খোপনি৷
দেশৰ সবাতোকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশতো সকলো আসন সমাজবাদী পাৰ্টীক চমজাই দিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে৷ অসমৰ বিহালীক কেন্দ্ৰ কৰি গৌৰৱ গগৈয়ে বিৰোধী ঐক্যই থান-বান কৰি পেলাইছে, পিছে দলটোৰে সৰ্বোচ্চ নেতাই একেসময়তে সহযোগীৰ গুৰুত্ব স্বীকাৰ কৰি লৈছে৷
শেহতীয়া খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচন অনুষ্ঠিতব্য সকলো সমষ্টিতে সমাজবাদী পাৰ্টীয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব৷ অৰ্থাৎ ক’তো কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা নকৰে৷ ইণ্ডিয়াৰ অংশীদাৰ দল হিচাপে সকলো আসন কংগ্ৰেছে সমাজবাদীক এৰি দিছে৷ কিন্তু লক্ষ্ণৌ এই সিদ্ধান্তৰ দিনটোতে অসমত গৌৰৱ গগৈয়ে ৰাজনৈতিক অপৰিপক্বতা প্ৰদৰ্শন কৰি সন্মিলিত বিৰোধীৰ ঐক্য চূড়মাৰ কৰি পেলালে৷
বৰ্তমানৰ প্ৰেক্ষাপটত নিশ্চিত হৈঠে, হাৰিয়ানাত পৰাজয়ৰ পিছত কংগ্ৰেছৰ খোপনি বিৰোধী মৰ্চাত হৈ পৰিছে শিথিল৷ দলটোৱে পূৰ্বৰ দাবীৰ পৰা পিছ হুহঁকিবলৈ বাধ্য হৈছে৷ আনহাতে জম্মু-কাশ্মীৰত কংগ্ৰেছে ৩২ আসনত প্ৰতিদ্বন্দ্বিতা কৰা মাত্ৰ ৬ জন বিধায়কহে লাভ কৰিছে৷
অৰ্থাৎ প্ৰায় নিজৰ শক্তিৰেই নেশ্যনেল কনফাৰেন্সে গঠন কৰিছে চৰকাৰ৷ এনে ঘটনাৱলীয়ে ইণ্ডিয়াত কংগ্ৰেছক কৰি ফুৰিছে ওপঙা ফুৰা মেটেকাৰ দৰে৷ পিছে দম্ভচূৰ্ণ হোৱা নাই অসমৰ কংগ্ৰেছীৰ৷ ৰাষ্ট্ৰীয় ৰাজনীতিত দলটোৰ আধিপত্য যিমানে কমিছে অসমত সিমানে বাঢ়িছে দপদপনি৷ কিন্তু এই খবৰে ৰাষ্ট্ৰীয় মিত্ৰজোঁটকো যে প্ৰভাৱিত কৰিব সেয়া অৱধাৰিত৷ আনহাতে আঞ্চলিকতাবাদী শক্তিৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা কেতিয়াও নিসিজাটো প্ৰতিপন্ন হ’লেও দলটোৰ হ’ব ক্ষতি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email