দলৰ সিদ্ধান্ত মানি লৈছিল গৌৰৱৰ পিতৃয়ে

১৫ বছৰ মুখ্যমন্ত্ৰী আছিল৷ বহু ভুল সিদ্ধান্তও লৈছিল৷ কিন্তু সাত শতৰুৱেও স্বীকাৰ কৰিব- তৰুণ গগৈ মতগৰ্বী নাছিল৷
গৌৰৱ গগৈয়ে বিহালীত নিজৰ একনায়কত্ব দেখুৱাবলৈ যি পৰিস্থিতিৰ সৃষ্টি কৰিলে তেনে কাম তৰুণ গগৈয়ে কেতিয়াও কৰা নাছিল৷
২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তো কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ একাধিক বিবাদ হৈছিল৷ ২০১৯তো প্ৰাৰ্থিত্বকেন্দ্ৰিক বিদ্ৰোহ হৈছিল কংগ্ৰেছত৷
তৰুণ গগৈয়ে বিচাৰিছিল তেজপুৰ সমষ্টিত নিজৰ পছন্দৰ প্ৰাৰ্থী৷ কিন্তু দলে টিকট দিছিল প্ৰাক্তন IAS বিষয়া এম জি ভি কে ভানুক৷ প্ৰথমে আপত্তি কৰিলেও কিন্তু দলীয় সিদ্ধান্ত মানি লৈছিল তৰুণ গগৈয়ে৷
তেওঁ তেজপুৰতো ভানুৰ হৈ প্ৰচাৰ চলাইছিল৷
একেদৰে যোৰহাটত সুশান্ত বৰগোহাঁই গগৈৰ পছন্দৰ প্ৰাৰ্থী নাছিল৷ সমষ্টিটোৰ পূৰ্বৰ সাংসদ তথা বন্ধু বিজয়কৃষ্ণ সন্দিকৈৰ কন্যাক টিকট দিবলৈ ইচ্ছা কৰিছিল তেওঁ৷
পিছে দিল্লীৰ পৰা আগতীয়াকৈ টিকট আনিছিল সুশান্তই৷ এই সিদ্ধান্তবোৰ সমৰ্থন কৰা নাছিল গগৈয়ে৷ কিন্তু কংগ্ৰেছৰ স্বাৰ্থতে তেওঁ মানি লৈছিল সুশান্তৰ প্ৰাৰ্থিত্ব৷
পিছে গৌৰৱে একোৱেই নামানে৷ এতিয়া নিজৰ ইচ্ছাৰে দলৰ বাহিৰৰ নেতাকে টিকট দি দিলে গৌৰৱে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email