তেতিয়া কংগ্ৰেছৰ জয়জয় ময়ময় অৱস্থা৷ এটা সমষ্টিতে কুৰিজন প্ৰাৰ্থীয়ে টিকট বিচাৰে৷ ৰাজীৱ ভৱনত হোৱা ভিৰৰ বাবে গুৱাহাটীতে ট্ৰেফিক জাম হৈ যায়৷
সেইসময়তে এজন কংগ্ৰেছীয়ে সদম্ভে কৈ দিছিল- চিনেমা হিট হ’লে টিকট ব্লেক হ’বই!
তেতিয়াৰ প্ৰভাৱশালী মন্ত্ৰী অকণ বৰাই কৈছিল- কংগ্ৰেছ এখন মহাসাগৰ৷ গতিকে বিদ্ৰোহ হ’বই!
পিছে সেই কংগ্ৰেছ এতিয়া নাই৷ কংগ্ৰেছৰ চিনেমাও হিট হৈ থকা নাই৷ অসমত কংগ্ৰেছ ফ্লপ বুলিয়েই ক’ব পাৰি৷
কিন্তু তথাপি বিহালীক লৈ কংগ্ৰেছ ইমান আঁকোৰগোজ কিয়?
এই প্ৰশ্নৰ উত্তৰটো হৈছে কিচুদিন পূৰ্বে সন্মিলিত মৰ্চাৰ এটা গোপন জৰীপ৷ আচলতে হাৰিয়ানাৰ নিৰ্বাচনৰ পিছতে অসমৰ বিৰোধী পক্ষৰ নেতাসকলে সৰ্বজন গ্ৰহণযোগ্য নেতাৰ সমীক্ষা চলাইছিল৷
তেতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰায়সকল কংগ্ৰেছীয়ে অৱস্থান কৰিলে৷ অসমত বিজেপি বিৰোধী চৰকাৰ হ’লেও কংগ্ৰেছৰ কোন মুখ্যমন্ত্ৰী হ’ব তাকে লৈ দিল্লীৰ নিৰীক্ষণত সমীক্ষা চলোৱা হৈছিল৷
পিছে সেই গণনাত গৌৰৱৰ বিপক্ষেহে বেছিকৈ ভোট পৰিল৷ সন্মিলিত মৰ্চাৰো সৰহভাগ নেতাই গৌৰৱক নামানো বুলি কৈ দিলে৷
সেই কথাটোৱেই গৌৰৱৰ আত্মসন্মানত লাগিল৷ এতেকে নিজৰ নাক কাটি হ’লেও সতিনীৰ যাত্ৰা ভংগ কৰাৰ খেল এতিয়াই গৌৰৱে আৰম্ভ কৰি দিলে৷