বুকুৰ আটাইবোৰ বিষাদ-বেদনা পাহৰি পেলাইছে ইন্দ্ৰাণী মুখাৰ্জীয়ে৷ শিখৰৰ পৰা আকৗ শূন্যত পতিত হোৱাৰ পিছতো তেওঁ হেৰুৱাই পেলোৱা নাই জীৱনৰ ছন্দ৷ চৰম ক্ৰুৰতাৰ অভিযোগত ইন্দ্ৰাণী জে’লত সোমাইছে৷ আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে- মাতৃ ইন্দ্ৰাণীয়েই হৈছে কন্যা শ্বিনা বৰাৰ ঘাতক৷
তদন্তকাৰীয়ে গণি গণি শেষ কৰিব পৰা নাই তেওঁৰ প্ৰেমিকৰ সংখ্যা৷ লালসাই গ্ৰাস কৰা মহিলাগৰাকীক তিহাৰ জে’লৰ অভিজ্ঞতায়ো কিন্তু সলনি কৰিব পৰা নাই৷ তেওঁৰ কাষত এতিয়া কোনো নাই৷ পুত্ৰ, কন্যা অথবা স্বামী কোনোৱেই নাই৷
তথাপি ইন্দ্ৰাণীয়ে বিচাৰি ফুৰিছে জীৱনৰ ৰংবোৰ৷ অসমৰ পৰা গৈ মায়ানগৰীৰ মায়াত ডুব যোৱা ইন্দ্ৰাণী বৰ্তমান আকৗ হৈ পৰিছে আলোচ্য বিষয়৷ জামিনত কাৰামুক্ত হোৱা ইন্দ্ৰাণীৰ বিষয়ে অৱশ্যে ন্যায়ালয়ে কোনো সিদ্ধান্ত লোৱা নাই৷ তেওঁ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ কাৰণ হৈছে বিশেষ নৃত্য৷ প্ৰয়াত ঔপন্যাসিক খুছৱন্ত সিঙৰ সোৱৰণত হিমাচল প্ৰদেশৰ অনুষ্ঠানত নৃত্যনাটিকা পৰিৱেশন কৰিছে কন্যাহন্তা ইন্দ্ৰাণীয়ে৷
ৰাজ্যখনৰ কাছাউলিত অনুষ্ঠিত খুছৱন্ত সিং সাহিত্য উৎসৱৰ অভ্যাগতই অৱশ্যে জনা নাছিল তেওঁৰ অংশগ্ৰহণৰ কথা৷ কিন্তু সকলোকে আচৰিত কৰি অনুষ্ঠানৰ মঞ্চত উঠিল ইন্দ্ৰাণী৷ কাৰাগাৰৰ পৰা ওলায়েই সাজি-কাছি গাভৰু হোৱা ইন্দ্ৰাণীয়ে প্ৰায় ৫০ মিনিটজোৰা নৃত্য নাটিকাখন প্ৰদৰ্শন কৰিলে৷ ফিনিক্স নামৰ নাটিকাখনত সূৰ্যৰ প্ৰতি অসমী প্ৰেমৰ বিৱৰণেৰে নাচিলে ইন্দ্ৰাণীয়ে৷
পিটাৰ মুখাৰ্জীৰ সৈতে বিচ্ছেদৰ শোক পাহৰি তেওঁ নিজৰ প্ৰডাকশ্যনৰ বেনাৰতে নৃত্য কৰিলে৷ ফিনিক্স পক্ষীৰ দৰেই ছাইৰ পৰা পুন:জন্মৰ অংগীকাৰেৰে ইন্দ্ৰাণীয়ে আপোনপাহৰা হৈ কৰিলে নৃত্য৷