সৰ্বনাশৰ সময় সমাগত

বিপজ্জনক এলেকাত এতিয়া কোনো নাই৷ ঘণ্টাত কমেো ১৪০ কিলোমিটাৰ বেগী ডানাৰ খুন্দাৰ পূৰ্বেই সমুদ্ৰ উপকূলৱৰ্তী অঞ্চলৰ পৰা আঁতৰাই নিয়া হ’ল সকলো বাসিন্দাক৷
আগজাননীৰ আধাৰত সকলো বিদ্যালয়ো ওড়িষা চৰকাৰে বন্ধ কৰি দিলে৷ উপকূলীয় জিলাৰ সমুদায় জনসংখ্যাক সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ উপৰি ৰে’ল চলাচলো সাময়িকভাৱে ব্যাহত কৰা হৈছে৷ ১৯৭ খন যাত্ৰীবাহী ৰে’ল য’তে আছে ত’তেই ৰখাই দিছে কৰ্তৃপক্ষই৷
বংগোপ সাগৰৰ বক্ষ যিমানে আন্দোলিত হৈছে সিমানে সতৰ্ক হৈ পৰিছে বংগ আৰু ওড়িষাৰ চৰকাৰ৷ পিছে বৰ্তমান ডানা ধুমুহাৰ গতি বৃদ্ধিৰ সম্ভেদ দিছে বতৰ বিজ্ঞানীয়ে৷ প্ৰকাশিত খবৰ অনুযায়ী উত্তৰ আন্দামান সাগৰৰ পৰা বে’ অৱ বেংগলত প্ৰচণ্ড বেগেৰে খুন্দা মাৰিব বা-মাৰলিজাকে৷
গতিকে সমীপৱৰ্তী অঞ্চলত সজোৰে অনুশীলন চলাই আছে এছ ডি আৰ এফে৷ শতাধিক উদ্ধাৰকাৰীক সম্ভাৱ্য বিপজ্জনক এলেকাত ৰখা হৈছে৷ কিন্তু সংকটৰ সৃষ্টি হৈছে কলকাতাৰ বিমানকোঠক লৈ৷ বিগত সময়ত সতৰ্কতাৰ পিছতো বিমান বন্দৰ প্ৰায় ধ্বংস কৰিছিল ফণী ঘূৰ্ণিয়ে৷
গতিকে এইবাৰ অধিক সাৱধানতাৰ প্ৰয়োজন হৈছে৷ ইতিমধ্যে আগলী বতৰা অনুসৰিয়েই ওড়িষাৰ পাহাৰীয়া এলেকাত আৰম্ভ হৈছে মুষলধাৰ বৃষ্টিপাত৷ অৰ্থাৎ বংগোপ সাগৰৰ নিম্নচাপে পাহাৰত খুন্দা মাৰিছে৷
তাৰ পিছতে ভৈয়ামত বা-মাৰলিজাকে প্ৰচণ্ড আঘাত কৰিব বুলি অনুমান কৰা হৈছে৷ গতিকে চৗদিশে ভীতিৰ মাজতে সতৰ্ক হৈছে জনতা৷ ওড়িষা আরু বংগৰ মুখ্যমন্ত্ৰীয়ে পাতিছে ইখনৰ পিছত সিখন বৈঠক৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email