বিদুৰভাই নামৰ চিনেমাখনতে আপোনালোকে দেখিছিল- MLAৰ সলনি সকলো কাম পৰিচালনা কৰে ভতিজাক ডায়মণ্ড চলিহাই৷ লেট্ৰিনৰ ঠিকা দিয়াৰ কামো ডায়মণ্ডেই কৰে৷
দক্ষিণ ভাৰতৰ চিনেমাবোৰতো MLAৰ ভতিজী-ভাগিনীৰ প্ৰতাপ দৰ্শকে দেখিয়েই থাকে৷ কিন্তু বঙাইগাঁৱৰ উপ-নিৰ্বাচনত অগপ জিকিলেই অসমৰ ৰাজনীতিতো আপোনালোকে দেখিব এজন প্ৰকৃত ডায়মণ্ড চলিহাক৷ তেওঁ হৈছে ফণীভূষণ চৌধুৰী৷
সহজ-সৰলৰ ভাও জুৰি ফুৰা ফণীভূষণে কোনো লুক-ঢাক কৰা নাই৷ পত্নী দীপ্তিময়ী চৌধুৰীক দলৰ টিকট দিয়াৰ পিছত তেওঁ সদম্ভে কৈ দিছে নিজৰ কথা৷
ফণীভূষণৰ মতে বৰপেটাৰ সাংসদ হিচাপে নিৰ্বাচিত হ’লেও বঙাইগাঁৱৰ জনতাই তেওঁকে বিধায়ক হিচাপে বিচাৰে৷ অ্থাৎ সমষ্টিবাসীয়ে বিধায়ক হিচাপে আন কাকো কামনা নকৰে৷
সেয়ে পত্নীক নিৰ্বাচনত উঠাই বঙাইগাঁৱৰ কাৰ্যপালিকাৰ ক্ষমতা হাতত ৰাখিবলৈ বিচাৰিছে ফণীভূষণে৷ বিদুৰভাইৰ ডায়মণ্ড চলিহাৰ দৰেই ফণীভূষণেও নিজৰ পত্নীক বিধায়ক কৰাৰ ইচ্ছা কৰিছে৷
তাৰ পিছত ডায়মণ্ড চলিহা হৈ আকৌ ডেৰবছৰৰ বাবে সমষ্টি তেওঁ পৰিচালনা কৰিব৷ অৰ্থাৎ অসমৰ ৰাজনীতিত ফণীভূষণেই নতুন ডায়মণ্ড চলিহা৷