বাকী সকলোবোৰ ভাৱৰীয়া৷ কিন্তু সূত্ৰধাৰ হৈছে ডুবাইৰ হজৰত মৌলানা মুস্তাক আনফৰ৷
ছুপ্ৰিম ক’টত অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১য়েই থাকিব বুলি সাংবিধানিক বিচাৰপীঠে যি চূড়ান্ত ৰায়দান কৰিলে তাৰ আঁৰৰ মূল মানুহজন হৈছে আতৰৰ ব্যৱসায়ী আনফৰ৷ তেওঁৰ ধনেৰেই আমছুৱে কে’ছ খেলি সৰ্বশেষত সফলতা অৰ্জন কৰিলে৷
বিগত সময়ত বদৰুদ্দিন আজমলৰ বিৰোধী হিচাপে আনফৰৰ নাম অসমৰ ৰাজনীতিত চৰ্চিত হৈ পৰিছিল৷ তেওঁৰ পইচাৰেই আচলতে ধুবুৰীত জিকিছিল ৰকিবুল হুছেইন৷ বদৰুদ্দিনক অসমৰ ৰাজনীতিৰ পৰা উচ্ছেদ কৰিবলৈ ধনেৰে আনফৰে সহায় কৰিছিল ৰকিবুলক৷ আনদিশে বদৰুদ্দিনলৈ পইচা পঠিয়াইছিল ডুবাইস্থিত ভাতৃ আমীৰুদ্দিনে৷
অসম ৰাজ্যিক জমিয়ত উলেমাৰ এটা ফৈদৰ সভাপতি মুস্তাক আনফৰো আজমলৰ দৰেই হোজাইৰ ব্যৱসায়ী৷ কিন্তু ডুবাইত আতৰৰ ব্যৱসায় কৰি তেওঁ ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে৷
অসমলৈ মাজে সময়ে চাৰ্টাড বিমান লৈ আহি থকা আনফৰৰ আছে বিশাল ব্যৱসায়িক সাম্ৰাজ্য৷ অজস্ৰ সম্পত্তিৰ গৰাকী আনফৰৰ সৈতে নাগৰিকত্বৰ গোচৰৰ বাবে সহায় বিচাৰি আমছুৱে যোগাযোগ কৰিছিল৷
তাৰ পিছতে আনফৰে ৰাষ্ট্ৰীয় জমিয়তৰ সৈতে যোগাযোগ কৰি সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে৷ তদানুসৰি তেওঁ ধনেৰেই আমছুৱে কেবাজনো আগশাৰীৰ অধিবক্তাক যুক্তি প্ৰদৰ্শনৰ বাবে নিয়োগ কৰিলে৷
আনফৰৰ পইচাৰেই আমছুৰ হৈ আদালতত যুক্তি দৰ্শালে প্ৰাক্তন বিদেশমন্ত্ৰী তথা কংগ্ৰেছ নেতা ছলমান খুৰছিদে৷
গোচৰৰ অগ্ৰগতিৰ বিষয়ে আনফৰক জনাই থাকিলে অসম ৰাজ্যিক জমিয়ত উলামা সাধাৰণ সম্পাদক হজৰত মৌলানা আব্দুৰ ৰশ্বিদ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৌলানা কলিম উদ্দিন আদিয়ে৷
কিন্তু কে’ছৰ বাবে কোটি কোটি টকা ঢালিলে হজৰত মৌলানা মুস্তাক আনফৰে৷