সোণোৱালক কি কৰিছিল ফণীভূষণে

সহজ-সৰলৰ ভাও ধৰি থাকে, কিন্তু ফণীভূষণ চৌধুৰীৰ সমান চতুৰ নেতা নাই৷ টমটমত উঠি ভ্ৰমণ, সুভাষৰ দোকানত চাহ খাই নিজকে হোজা বুলি বুজাবলৈ বিচৰাটো আচলতে ফণীভূষণৰ কূটনীতিহে৷ অসমৰ ৰাজনীতিৰ লালুপ্ৰসাদ যাদৱ ফণীভূষণ সবাতোকৈ চতুৰ নেতা৷
তেওঁ কিমান বুধিয়ক সেয়া সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক আত্মপ্ৰকাশৰ সময়তে প্ৰতিপন্ন হৈছিল৷ যেতিয়া সোণোৱালে মৰাণ সমষ্টিৰ অগপ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল তেতিয়াই দলত হৈচৈ লাগিছিল৷
আচলতে মৰাণত টিকট বিচাৰিছিল ১৯৮৫ চনৰ বিধায়ক কিৰণ গগৈয়ে৷ গতিকে প্ৰফুল্ল মহন্তয়ো কিৰণ গগৈকে আকৌ প্ৰাৰ্থিত্ব দিবলৈ বিচাৰিছিল৷
কিন্তু জাতীয়তাবাদী পক্ষৰ হেঁচাত সোণোৱালেই টিকট পালে৷ পিছে অংক খেলিমেলি লগাই কিৰণ গগৈয়ে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিলে৷
তেতিয়া সংকট মৰিষণ কৰিবলৈ মহন্তই মৰাণলৈ প্ৰেৰণ কৰিছিল ফণীভূষণক৷ বঙাইগাঁৱৰ নেতাজনেই মৰাণৰ ৰা কিৰণ গগৈক লৈ গৈছিল গুৱাহাটীলৈ৷ গগৈক মহন্তৰে কথা পতাই দিছিল তেওঁ৷ আনকি ফণীভূষণেই মহন্তৰ পৰা লৈ কিৰণ গগৈক যাচিছিল ধনৰ টোপোলা৷ এই আলোচনাৰ সৈতে জড়িত আছিল সৰ্বানন্দ সোণোৱালো৷
তেতিয়াই ধনৰ টোপোলাৰে দলীয় অন্তঃকন্দল নিষ্পত্তি কৰিছিল হোজাৰ ভাও জোৰা ফণীভূষণে৷ গতিকে ৰাইঝ, মেলেককৈ ফণীভূষণে মৰা হাঁহিটোত ভোল নাযাব৷ আচলতে তেওঁ নোমটেঙৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email