বংগোপ সাগৰৰ মানসপুত্ৰ ডানা আহি আছে৷ তাৰে প্ৰভাৱ হিচাপে বিস্তীৰ্ণ প্ৰান্তত আৰম্ভ হৈছে কলহৰ কানে ঢলা বৰষুণ৷ বিজ্ঞানীয়ে আগজাননী দিয়াৰ পিছতে পশ্চিমবংগ আৰু ওঢ়িষাত প্ৰধানত: বতৰে গাজি-গুমৰি দিছে প্ৰলয়ৰ বতৰা৷ নিম্নচাপে বিৰাট প্ৰাকৃতিক বিস্ফোৰণৰ সূত্ৰপাত কৰিব বুলি বিশেষজ্ঞই ইতিমধ্যে নিশ্চিত কৰিছে৷
তাৰ পিছতে দুয়োখন ৰাজ্যৰ উপকূলীয় এলেকাৰ পৰা আৰম্ভ হৈছে বাসিন্দাৰ স্থানান্তৰ পৰ্ব৷ আগলি বতৰা অনুসৰি পুৰী আৰু সাগৰ দ্বীপৰ মাজভাগত ঘণ্টাত প্ৰায় ১২০-১৪০ কিলোমিটাৰ বেগত বা-মাৰলিজাক আচাৰ খাই পৰিব৷ তাৰ পিছতে বে’ অৱ বেংগলৰ পশ্চিম-উত্তৰ দিশেৰে বংগত প্ৰৱেশ কৰিব ডানা নামৰ ধুমুহাজাকে৷
কাইলৈৰ পৰাই ওড়িষা আৰু বংগত ডানাৰ তাণ্ডৱ আৰম্ভ হ’ব বুলি বিজ্ঞানীয়ে সতৰ্ক কৰি দিছে জনতাক৷ গতিকে সষ্টম হৈ পৰিছে প্ৰশাসন৷ দুয়োখন ৰাজ্যতে ইতিমধ্যে দুৰ্যোগ প্ৰশমন কৰ্মীক ষ্টেণ্ডবাই কৰি ৰখা হৈছে৷ তদুপৰি বা-মাৰলিয়ে তাণ্ডৱৰ সৃষ্টি কৰাৰ আশংকা তখা এলেকাৰ পৰা আঁতৰাই নিয়া হৈছে জনতাক৷
বিজ্ঞানীৰ খবৰ অনুসৰি ডানাই সমগ্ৰ ওড়িষা আৰু বংগৰ এটা প্ৰান্ত প্ৰভাৱিত কৰিব৷ বংগোপ সাগৰীয় ঘূৰ্ণিৰ প্ৰবাৱতে অসমতো বিভীষিকাৰ সৃষ্টি হোৱাৰ আশংকা কিন্তু নথকা নহয়৷ পাহাৰত খুন্দা খাই অসম প্ৰৱেশৰ পূৰ্বে বেগ কমিলেও ৰাজ্যত ধুমুহা বলিব বুলি অনুমান কৰিছে বতৰ বিজ্ঞানীয়ে৷