নিষিদ্ধ হ’ব নেকি বিমানসেৱা?

খবৰ পোৱাৰ পিছত বিমানত তন্ন তন্নকৈ তালাচী চলালে, কিন্তু একোৱেই নোলাল৷ পিছে অজ্ঞাত দুৰ্বৃত্তৰ পাশৱিক মনস্তাত্ত্বিক যুদ্ধৰ ফলত যোৱা এসপ্তাহৰ ভিতৰত ভাৰতীয় আকাশ পৰিবহণ খণ্ডৰ ৮০ কোটি টকা লোকচান হৈছে৷
বাৰম্বাৰ ভুৱা খবৰৰ পিছত নিৰাপত্তাৰক্ষীৰ ততাতৈয়া তালাচী আৰু যাত্ৰীৰ সুৰক্ষা ব্যৱস্থাপনাৰ অৰ্থে বৃহৎ ঘাটীৰ সন্মুখীন হৈছে বিমান খণ্ড৷ সমৰ্থিত সূ্ত্ৰই সদৰী কৰা অনুসৰি আজি লোকচানৰ পৰিমাণ ৯০ কোটি টকালৈ বৃদ্ধি হৈছে৷ সচৰাচৰ দ্ৰুত সেৱাৰ প্ৰতিযোগিতাৰ ভিত্তিত বিমান প্ৰতিষ্ঠানসমূহে লাভ উপাৰ্জন কৰে৷
পিছে বাৰম্বাৰ অচিনাক্ত দুৰ্বৃত্তই বিমানত বোমাৰ সম্ভেদ দিয়াৰ পিছত দ্ৰুত সেৱা মন্থৰ হৈ পৰিছে৷ আকাশা এয়াৰ, ইণ্ডিগ’, ভিষ্টাৰা, স্পাইচজেট, এয়াৰ ইণ্ডিয়া, ষ্টাৰ এয়াৰ আৰু এলায়েন্স এয়াৰৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন অথবা ইমেইলৰ জৰিয়তে দুৰ্বৃত্তই দিছে বোমা সংস্থাপনৰ খবৰ৷ কিন্তু আজি পৰ্যন্ত এখনো বিমানতে বোমা উদ্ধাৰ হোৱা নাই৷
পিছে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষণ অবিহনে বিমান চলাচলো হৈ পৰিছে অসম্ভৱ৷ আনহাতে দুৰ্বৃত্তৰ খবৰে আতংকৰ সূচনা কৰাৰ ফলতে দিল্লীৰ পৰা লণ্ডন অভিমুখী এখন বিমানৰ যাত্ৰাপথো সলনি কৰিবলগীয়া হৈছে৷ আজিও আকৗ ইণ্ডিগ’ৰ বিমানত বোমা থকাৰ খবৰ দিছে দুৰ্বৃত্তই৷ প্ৰতিষ্ঠানটোৰ ২৪ খন বিমানক লক্ষ্য কৰি লৈছে অজ্ঞাত সন্ত্ৰাসবাদীয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email