উৰহী গছৰ ওৰ এতিয়াহে ওলাইছে৷ পিতৃ-মাতৃৰ অত্যাচাৰৰ পিছতো ঐশ্বৰ্য়ৰ প্ৰতি অভিষেক কিয় উদাসীন তাৰ ৰহস্য এতিয়াহে ফাদিল হৈছে৷
বিশ্বসুন্দৰীৰ ৰূপেও সন্তুষ্ট কৰিব নোৱাৰা অভিষেক পৰকীয়া প্ৰেমত হৈ পৰিছে উন্মাদ৷ সেইবাবেই তেওঁ ছল কৰি ঐশ্বৰ্যক ত্যাগৰ বুদ্ধি কৰিছে৷
বলীউডত গুৰুত্বহীন অভিষেক আচলতে নিমৰত কৌৰৰ প্ৰণয়বাণত আহত হৈ পৰিছে৷ সেয়ে পত্নী ঐশ্বৰ্য আৰু কন্যা আৰাধ্যালৈ তিলমানো মৰম নোহোৱা হৈছে অভিষেকৰ৷
কিছুদিন পূৰ্বে ঐশ্বৰ্যই স্বামীৰ অবৈধ সম্পৰ্কৰ কথা বচ্চন পৰিয়ালত উলিয়াইছিল৷ পিছে শাহু-শহুৰে তেওঁৰ কথাত অকণো গুৰুত্ব নিদিলে৷ কিন্তু পুত্ৰৰ চৰিত্ৰৰ প্ৰতি সন্দেহ নকৰিবলৈহে বোৱাৰীয়েকক সকীয়াই দিলে জয়া বচ্চনে৷
তাৰ পিছতে বচ্চন পৰিয়ালৰ গৃহ ত্যাগ কৰিছিল ঐশ্বৰ্যই৷ শাহুৱেকৰ কটু কথা শুনাৰ পিছতে চৰু সুকীয়াকৈ পাতি লৈছিল ঐশ্বৰ্য ৰায় বচ্চনে৷
নিমৰতৰ বাবেই বচ্চন পৰিয়ালত যে কন্দল লাগিছে সেয়া সত্য বুলি বলীউডী সংবাদ পত্ৰই প্ৰকাশ কৰিছে৷ খবৰ অনুসৰি কিছুদিনৰ পিছতে ঐশ্বৰ্যৰ সৈতে অভিষেকৰ আইনী বিচ্ছেদ সম্পূৰ্ণ হ’ব৷ আনহাতে অভিষেক মতলীয়া হোৱা নিমৰতৰ বয়সো কিন্তু প্ৰায় ৪২ বছৰ৷ গতিকে দুয়োৰে বিবাহ শীঘ্ৰে সম্পন্ন কৰা হ’ব বুলিও প্ৰকাশ কৰিছে বি-টাউনৰ সাংবাদিকে৷