অনন্যাই আদৰি ল’বনে ৰিয়ানক

দাম বাঢ়িছে ৰিয়ান পৰাগৰ৷ উন্নত প্ৰদৰ্শনৰ সুবাদত IPLত দৰ বৃদ্ধি হৈছে অনন্যা পাণ্ডেৰ অনুৰাগী অসমীয়া ক্ৰিকেটাৰজনৰ৷ কেবাবছৰো IPLত ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকা ৰিয়ান পৰাগে এইবেলি নিলামত লাভ কৰিব ১০ কোটিৰো বেছি টকা৷
ৰঞ্জিত বৰঠাকুৰৰ জৰিয়তে প্ৰথমে ৰাজস্থানত প্ৰৱেশ কৰা ৰিয়ানৰ দাম আছিল ২০ লাখ টকা৷ তাৰ পিছত তেওঁ ২ কোটি টকা লাভ কৰিলে৷ যোৱা বছৰ আকৌ IPLৰ নিলামৰ পূৰ্বে ৰাজস্থান ৰয়েলছে ৰিয়ানক মুকলি কৰি দিছিল৷
কিন্তু আকৌ নিলামত ৰিয়ানক দলটোৱে ৩ কোটি ৮০ লাখ টকাত ক্ৰয় কৰিছিল৷ তাৰ পিছতে ৰিয়ান IPLত হৈ পৰিল বিস্ফোৰক বেটছমেন৷
IPLৰ লগতে ঘৰুাৱ ক্ৰিকেটৰ প্ৰদৰ্শনৰো সুবাদত ৰিয়ানে টীম ইণ্ডিয়াতো প্ৰৱেশ কৰিলে৷ গতিকে এইবাৰ দৰ বৃদ্ধি হ’ল খেলুৱৈজনৰ৷ তেওঁ এইবাৰ IPLত ১১ কোটি টকা দৰমহা পাব বুলি নিশ্চিত কৰিছে সমৰ্থিত সূত্ৰই৷
খবৰ অনুসৰি নিলামত ৰাজস্থানে ৰিয়ানৰ লগতে সঞ্জু ছেমছন আৰু যশস্বী জয়ছোৱালকো ৰিটেইন কৰিব৷ অৰ্থাৎ এইসকলৰ বাবে আকৌ নিলাম নহয়৷ তেওঁলোকক দলৰ স্থায়ী খেলুৱৈ হিচাপে ৰখা হ’ব৷ তদুপৰি ৰিটেইন কৰা খেলুৱৈৰ তালিকাত থাকিব পাৰে ইংলেণ্ডৰ জোছ বাটলাৰ৷
লগতে এইবাৰ ৰাজস্থানক প্ৰশিক্ষণ প্ৰদান কৰিব ৰাহুল দ্ৰাৱিড়ে৷ বেটিং প্ৰশিক্ষক হিচাপে থাকিব বিক্ৰম ৰাথোৰ৷ IPLৰ নিয়ম অনুসৰি এটা ফ্ৰেন্সাইজীয়ে ৰিটেইন কৰা প্ৰথম তিনিজন খেলুৱৈৰ দৰমহা একাদিক্ৰমে ১৮ কোটি, ১৪ কোটি আৰু ১১ কোটি টকা হ’ব লাগে৷
সেয়ে এইবাৰ IPLত ভাল খেলিলেই অনন্যা পাণ্ডেৰ কাষ চাপিবলৈ সক্ষম হ’ব ৰিয়ান পৰাগ৷ হয়তো অনন্যাৰ সান্নিধ্যও লাভ কৰিব ৰিয়ানে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email