ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৫ টকীয়া অথবা ১০ টকীয়া মুদ্ৰা নচলে৷ অৰ্থাৎ এইকেইটা মুদ্ৰা দি আপুনি বজাৰত বস্তু কিনিব নোৱাৰে৷ ৫ বা ১০ টকীয়া গোটা মুদ্ৰা দোকানীয়ে নলয়৷
লখিমপুৰত সোমোৱাৰ পিছতে ১০ টকীয়া মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ পৰে৷ একেদৰে গহপুৰৰ পৰাই আপুনি ৫ টকীয়া মুদ্ৰাৰ জৰিয়তে একো কিনিব নোৱাৰে৷
কিন্তু দেশত চলি থকা ১০ টকীয়া মুদ্ৰা কিয় লখিমপুৰ-ধেমাজিত অবৈধ হৈছে? তাৰ এটা কাৰণ আছে৷
দৰাচলতে ৰাজ্যৰ গ্ৰামাঞ্চলৰ লোকসকলে সুবিধাৰ বাবে ১০ বা ৫ টকীয়া মুদ্ৰা হাতত পালেই সঞ্চয় কৰে৷ টেকেলি অথবা আন প্ৰকাৰে এই মুদ্ৰাবোৰ সাঁচি ৰাখে৷
ফলত বজাৰত গোটা মুদ্ৰাৰ আকাল হয়৷ তদুপৰি মুদ্ৰাৰ ৰূপত বজাৰত চলি থকা কেবাকোটি টকা সঞ্চিত হৈ থাকিলে সমস্যা হয়৷ গতিকে ৰিজাৰ্ভ বেংকে এটা চতুৰালিৰে কাম সমাধান কৰে৷
সেই পৰিকল্পনাৰ ভিত্তিত ৰিজাৰ্ভ বেংকে ১০ টকীয়া মুদ্ৰাৰ প্ৰচলন বন্ধ কৰা হৈছে বুলি উৰাবাতৰি প্ৰচাৰ কৰে৷ তাৰ পিছতে হুৱাদুৱা লাগে জনতাৰ৷ সকলোৱে টেকেলিত সাঁচি থোৱা পইচা উলিয়াই দিয়ে৷
বজাৰলৈ আকৌ যেতিয়া মুদ্ৰাবোৰ ওলাই আহে তেতিয়া ৰিজাৰ্ভ বেংকে স্পষ্টীকৰণ দিয়ে৷ অৰ্থাৎ মুদ্ৰাবোৰ বন্ধ কৰা হোৱা নাই বুলি ঘোষণা কৰে কৰ্তৃপক্ষই৷
গতিকে ৰাইজ, ভয় নাখাব৷ ৫ টকীয়া-১০ টকীয়া চলি থাকিব৷