তিৰি চিৰি, তিৰিয়েই হতচিৰি৷
ভুল নুবুজিব, আমি এই কথাষাৰ নাৰীবিদ্বেষী অৰ্থত কোৱা নাই৷
কিন্তু অসমৰ কেবাজনো নেতা ৰাজনৈতিক পতনৰ কাৰণেই হৈছে পত্নীৰ উচ্চাকাংক্ষা৷ বিশেষকৈ আঞ্চলিকতাবাদী নেতাৰ সৰহসংখ্যকেই ৰাজনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰ্যাৰ বাবেই৷
যেতিয়া প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া পত্নী জয়শ্ৰী গোস্বামী মহন্তই একাধিক কাম নিজৰ হাতলৈ নিছিল৷ বিষয়াৰ ট্ৰেন্সফাৰ, সুৰা বিপণীৰ লাইচেন্স আদি কাম কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নীয়ে৷ চৰকাৰী কামত মুখ্যমন্ত্ৰীৰ অৰ্ধাংগিনীৰ অবাধ হস্তক্ষেপৰ পৰিণাম কি হ’ল সেয়া সকলোৱে দেখিলে৷
ভৰত নৰহ প্ৰথম মন্ত্ৰী হৈ থাকোতেও কিন্তু প্ৰকোপ চৰিছিল ৰাণী নৰহৰ৷ ঠিকাদাৰৰ লক্ষ্য হৈ পৰিছিল ৰাণী নৰহক সন্তষ্ট কৰাটো৷ ৰাণীৰ ঘৰত দ’ম হৈ গৈছিল ঠিকাদাৰে উপহাৰ দিয়া শাড়ীৰ৷
দ্বিগেন বৰাৰো পতনৰ অন্যতম কাৰণ হৈছে পত্নীৰ ৰাজনীতিত প্ৰৱেশ৷ আনহাতে কংগ্ৰেছৰ আমোলৰ সফল মন্ত্ৰী হিচাপে পৰিচিত হোৱা শিৱসাগৰীয়া নেতাকো জলা-কলা খুৱাইছিল উচ্চাকাংক্ষী পত্নীয়ে৷ আনকি তেওঁ ৰোগশয্যাত থকা সময়তো দলীয় নেতাক অপমান কৰিছিল শিৱসাগৰীয়া নেতাৰ পত্নীয়ে৷
কিন্তু পত্নীক ক্ষমতাৰ বৃত্তৰ বাহিৰত থৈ ১৫ বছৰে ৰাজ্য শাসন কৰিছিল তৰুণ গগৈয়ে৷ পিছে এইবাৰ পত্নীক ৰাজনীতিৰ বাবে উছৰ্গা কৰি ফণীভূষণে অতদিনৰ সুনামকে যেন ধ্বংস কৰিলে৷ এতিয়া সময়ে ক’ব- ফণীৰ বাবে কি বুলি প্ৰমাণিত হয় পত্নী৷