এটা কথা লক্ষ্য কৰিছেনে, নাৰিকলবোৰ আজিকালি বাকলি গুচাই বিক্ৰী কৰে৷ আপুনি বজাৰত যিমানেই নাৰিকল কিনে, সকলোবোৰ বাকলি গুচোৱাকৈহে পাব৷ অৰ্থাৎ বাকলি থকা নাৰিকল আজিকালি বজাৰত পোৱা নাযায়৷
কেৰালাৰ পৰা অহা নাৰিকলৰো বাকলি মেচিনেৰে গুচাই পেলাইছে বেপাৰীয়ে৷ কিয়নো অসমত সুকীয়াকৈ আৰম্ভ হৈছে নাৰিকলৰ বাকলিৰ বেপাৰ৷
নগাঁও আৰু বৰপেটাত আছে নাৰিকলৰ বাকলিৰ বেপাৰৰ মূল কেন্দ্ৰ৷ কেৰালা আৰু আন স্থানৰ পৰা বেপাৰীয়ে সৰবৰাহ কৰা নাৰিকলৰ বাকলি এই দুই স্থানতে গুচোৱা হয়৷
তাৰ পিছত অসমৰ প্ৰতিখন চহৰলৈ সৰবৰাহ কৰা হয় নাৰিকলৰ বাকলি৷ যাৰ বজাৰত দাম প্ৰতি কেজিত ২০ টকা৷
ধূনা দিবলৈ প্ৰধানতঃ নাৰিকলৰ বাকলি ব্যৱহাৰ কৰে অসমৰ জনতাই৷ চহৰৰ লোকে কেজি হিচাপত কিনি নাৰিকলৰ বাকলিৰে ধূনা দিয়ে৷
মূলতঃ আগৰে পৰা নাৰিকলৰ বেপাৰ কৰি থকাসকলেই বাকলিৰো ব্যৱসায় কৰিছে৷ একেখন গাড়ীতে নাৰিকল আৰু বেলেগকৈ বাকলি প্ৰেৰণৰ সুবিধাৰ্থে তেওঁলোকে সুযোগ গ্ৰহণ কৰিছে৷
কিন্তু নাৰিকলৰ বাকলিৰ বেপাৰো দখল কৰিব পৰা নাই অসমৰ খিলঞ্জীয়া বেপাৰীয়ে৷