তেতিয়া প্ৰফুল্ল মহন্ত চৰকাৰৰ শেষ সময়৷ ৰাজকোষত টকা নাই, কৰ্মচাৰীৰ দৰমহা নাই৷ মুঠতে চৌদিশে নৈৰাজ্য৷ স্তাৱকৰ মাজত অসহায় হৈ বহি থাকে মুখ্যমন্ত্ৰী প্ৰফুল্ল৷
সেই সময়ত আকৌ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছল তৰুণ গগৈ৷ তেতিয়াই জ্যেষ্ঠ কংগ্ৰেছী অঞ্জন দত্ত প্ৰায়ে ৰাজীৱ ভৱনস্থিত গগৈৰ চেম্বাৰত বহেগৈ৷
এদিন দত্তই ক’লে- দাদা আমি অলপ এগ্ৰেছিভ হ’ব লাগে৷
কিন্তু গগৈয়ে ক’লে- নহয় অঞ্জন৷ মিছামিছি একো কৰিব নালাগে৷ আমি মনে মনেই থাকিম৷ এজিপি নিজে নিজেই গেলি যাব৷
সময়ত গগৈৰ কথাই সত্য প্ৰমামিত হ’ল৷ অগপ ধ্বংস হৈ গ’ল৷ গগৈ মুখ্যমন্ত্ৰী হ’ল৷
কিন্তু গগৈৰ পথ অৱলম্বন কৰা নাই পুত্ৰ গৌৰৱে৷ যোৰহটীয়াই প্ৰলোভন নেওচি সাংসদ কৰি পঠিওৱাৰ পিছতো গৌৰৱে এটা সমষ্টিৰ উপ-নিৰ্বাচনক লৈয়েই কংগ্ৰেছত খেলিছে লবী ৰাজনীতি৷
বিহালী বিনা বিবাদে বিৰোধীক হস্তান্তৰ কৰি সৰ্বদলীয় নেতা হিচাপে নিজকে প্ৰমাণ কৰিবলৈ গৌৰৱৰ হাতত আছিল সুৱ্ণ সুযোগ৷ কিন্তু গৌৰৱে সেই সাধাৰণ ৰাজনৈতিক এলজেব্ৰাই বুজি নাপালে৷
দিল্লীয়ে দিয়া ক্ষমতা কাৰ্যকৰী কৰিবলৈহে গৌৰৱ ব্যাকুল হৈ পৰিল৷ গতিকে ৰাজীৱ ভৱনতো আলোচ্য বিষয় হৈ পৰিছে. দেউতাকৰ দৰে নহয় নেকি গৌৰৱ!