তাতকৈ মডেলকে ক্ৰিকেট খেলাওক…

আমি ক’বলৈ ওলাইছোঁ ছৰফৰাজ খানৰ কথা৷ শকত-আৱত খেলুৱৈজনে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ ৰঞ্জীত কৰিছে অসাধাৰণ প্ৰদৰ্শন৷ কিন্তু ৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ বহুদিন উপেক্ষিত হৈ থাকিল৷
তেওঁক দলত স্থান দিয়া নহ’ল- কাৰণ, ছৰফৰাজ পেটুৱা৷ কিন্তু সেই যুক্তিত ক্ষুব্ধ হৈ পৰিল সুনীল গাভাস্কাৰ৷ তেওঁ নিৰ্বাচকক প্ৰশ্ন কৰিলে- ছৰফৰাজে শতৰান ক্ৰিকেট ফিল্ডৰ বাহিৰত কৰিছে নেকি? তেওঁ ক’লে- যদিহে স্বাস্থ্যই মূল কথা, তেন্তে প্লেয়িং ইলেভেনত সুন্দৰী মডেলকে স্থান দিয়ক৷
কিন্তু শেষত ছৰফৰাজৰ ভাগ্যোদয় হ’ল৷ টেষ্ট অভিষেক ঘটিল স্থূলকায় ক্ৰিকেটাৰৰ৷ এতিয়াও নিউজিলেণ্ডৰ বিপক্ষে খেলত ব্যস্ত হৈ আছে ছৰফৰাজ৷ প্ৰথম টেষ্টত তেওঁ অৰ্জন কৰিছে কেৰিয়াৰৰ প্ৰথমটো শতক৷
চিন্নস্বামী ষ্টেডিয়ামৰ ৰহস্যময় পিটচত বিষাক্ত ইনছুইংগাৰেৰে ছৰফৰাজক আদৰণি জনাইছিল ইংলিছ বলাৰ৷ ৰঞ্জিত নিজক উজাৰি দিয়া ছৰফৰাজে কিন্তু দ্বিতীয় ইনিংছত ইংলিছ বলাৰৰ ঈপ্সিত নিমন্ত্ৰণ স্বীকাৰ কৰিলে৷
প্ৰথম ইনিংছত তেওঁ দেখিছিল দলৰ শক্তিশালী বেটিং ক্ৰমৰ নিৰন্তৰ খহনীয়া৷ কিন্তু দ্বিতীয় ইনিংছত শতকীয় ইনিংছেৰে দলক বহু পৰিমাণে সুস্থিৰ কৰি ছৰফৰাজে বিদায় ল’লে ১৫০ ৰানত৷
স্থূলকায় শৰীৰেৰেও ক্ৰিজত যে ঘোঁৰা চেকুৰ দিব পাৰিসেয়াই প্ৰমাণ কৰিলে ছৰফৰাজে৷ কেৰিয়াৰৰ প্ৰথম শতক অৰ্জনৰ পথত ছৰফৰাজে ডেৰশ ৰান নিজৰ বায়’ডাটাত সন্নিৱিষ্ট কৰি আন এটা মিৰাকল কৰিলে৷ বুজাই দিলে নিজৰ সামৰ্থ্য৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email