ৰেণুপমা ৰাজখোৱা কেনে আছে? টীয়ক সমষ্টিৰ দীৰ্ঘদিনৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা লাইমলাইটৰ পৰা নোহোৱা হৈয়েই গৈছে৷ বয়োজ্যেষ্ঠ নেত্ৰীগৰাকী বিধায়িকা হৈ আছে ঠিকেই, কিন্তু ৰেণুপমা ৰাজখোৱাৰ হাতত প্ৰকৃত ক্ষমতাত এতিয়া আচলতে নাই৷
কেৱল মাত্ৰ ফাইলত চহী কৰা বিধায়িকাহে হৈ আছে ৰেণুপমা৷ আমি কোনোপধ্যে বিধায়িকাগৰাকীক বয়সজনিত অসুস্থতাৰ বাবে সমালোচনা কৰিবলৈ যোৱা নাই৷
কিন্তু কথাটো হৈছে, ৰেণুপমা ৰাজখোৱা কাৰ্যকৰী বিধায়িকা হৈ থকা নাই৷ ২০২১ চনত টীয়কৰ পৰা বিজয়ৰ পিছত তেওঁ কেৱল ফাইলতহে চহী কৰিছে৷
ৰেণুপমা ৰাজখোৱাৰ হৈ সমষ্টিৰ সকলো কাম নিৰীক্ষণ কৰিছে বিকাশ নামৰ ভাগিনীয়েকজনে৷ ৰেণুপমা ৰাজখোৱাৰ হৈ ঠিকা-ঠুকলিৰ আবণ্টনৰো কাম কৰে বিকাশে৷
অভিযোগ অনুসৰি সমষ্টিৰ কামৰো দায়িত্ব লৈছে বিকাশ নামৰ ভাগিনীয়েকজনে৷ আচলতে টীয়কৰ বিধায়ক বুলি ক’লে সমষ্টিবাসীয়ে বিকাশকহে লগ ধৰে৷ টীয়কত অগপৰ দলীয় কামৰো দায়িত্ব ৰেণুপমাই বিকাশক চমজাই দিছে৷
অভিযোগ মতে লিখিতভাৱে পাৱাৰ অৱ এটৰ্নী দিয়া নাই, কিন্তু ৰেণুপমাৰ সকলো কামেই বিকাশে কৰে৷ টীয়কত দলীয় মিটিং পতাৰ পৰা আদি কৰি মানুহ গোটোৱালৈ সকলো দায়িত্বই বিকাশে লৈছে৷ দলীয় কৰ্মীক সহায় কৰাৰ কামো ৰেণুপমাৰ হৈ বিকাশ নামৰ যুৱকজনেই কৰে৷ হেন জানি সমষ্টিবাসীও বিকাশৰ ওচৰলৈয়েই যায়৷
এনেদৰেই চলি আছে টীয়ক সমষ্টি৷ গতিকে ৰেণুপমা ৰাজখোৱা দায়িত্বৰ পৰা আঁতৰাটো দৰকাৰী হৈ পৰিছে৷ টীয়কক প্ৰয়োজন হৈছে ডেকা তেজৰ৷