কাৰ ওচৰত জিতেন্দ্ৰৰ ছাৰেণ্ডাৰ!

হা না একেোৱেই নামাতিলে, কিন্তু লাহেকৈ অসমৰ পৰা পলাই পত্ৰং দিলে জিতেন্দ্ৰ সিঙে৷ গান্ধী পৰিয়ালৰ খাচ মানুহ জিতেন্দ্ৰই প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিতৰ্কৰ সময়তে অসম ত্যাগ কৰিলে৷ মিত্ৰদলৰ বিবাদ সমাধান কৰাৰ সলনি দিল্লী পালেগৈ জিতেন্দ্ৰ৷ য়িজন নেতাক গান্ধী পৰিয়ালে অসম কংগ্ৰেছৰ প্ৰভাৰীৰ দায়িত্ব দিছে তেৱেঁই সংকটকালত দিল্লীলৈ পলায়ন কৰিলে৷
অসম সন্মিলিত মৰ্চাৰ নেতাসকলে গৌৰৱ গগৈৰ ওস্তাদিত অতিষ্ঠ হৈ বিহালীৰ প্ৰাৰ্থী বাছনিৰ বিষয়ে জিতেন্দ্ৰৰ হস্তক্ষেপ কামনা কৰিছিল৷ সেই অনুসৰি প্ৰভাৰীৰ সৈতে পতাও হৈছিল কথা৷
কিন্তু জঞ্জালত সোমোৱাতকৈ নিৰাপদ দূৰত্বত অৱস্থানেই উচিত বুলিহে জিতেন্দ্ৰ সিঙে বিবেচনা কৰিলে৷ ভূপেন বৰা এণ্ড কোম্পানীৰ অপকৰ্মৰ সময়তো চকু মুদি থকা জিতেন্দ্ৰই হঠাতে অসম ত্যাগ কৰিলে৷
বিগত সময়ত যেতিয়া বৰপেটাৰ প্ৰাৰ্থীকলৈয়ো বিতৰ্কৰ সূত্ৰপাত হৈছিল তেতিয়াও অনুৰূপভাৱে জিতেন্দ্ৰ সিঙে পলাই পত্ৰং দিছিল৷ এইবাৰো তেওঁ প্ৰভাৰীৰ ধৰ্ম পালনৰ পৰিৱৰ্তে দায়িত্ব পৰা পলায়নেই উচিত বুলি গণ্য কৰিলে৷
ভূপেন বৰা আৰু গৌৰৱ গগৈক যেতিয়া সৈমান কৰিব নোৱাৰিলে তেতিয়া পলায়নেই উচিত পন্থা বুলি বিবেচনা কৰিলে দিল্লীৱালা নেতা জিতেন্দ্ৰই৷ কিন্তু তেওঁ আত্মসমৰ্পণ কংগ্ৰেছৰ বাবে য়ে বিপজন্নক সেয়াও স্পষ্ট হৈ পৰিল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email