এতিয়াই লাগিব তালিকা

কোনো ফাইলেই পেলাই থোৱাৰ পক্ষপাতী নহয় অসমৰ নতুন ৰাজ্যপাল৷ কিছুদিন পূৰ্বে অসমৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্যই ততালিকে সম্পাদন কৰিব বিচাৰে সকলো কাম৷ বিধানসভাত গৃহীত হোৱা সকলো অধ্যাদেশতে স্বাক্ষৰ কৰিবলৈ বিচাৰিছে নতুন ৰাজ্যপাল আচাৰ্যই৷
ফলত কেবাটাও বিভাগত হাহাকাৰ লাগিছে৷ বৰ্তমান অসম বিধানসভাত কেবাখনো বিধেয়ক গৃহীত হৈ আছে৷ গুটখা নিষিদ্ধকৰণকে ধৰি কেবাথনো গুৰুত্বপূৰ্ণ বিল পাছ হোৱাৰ পিছতো কিন্তু প্ৰকৃতাৰ্থতে কাৰ্যকৰী হোৱা নাই৷
একেদৰে ৰাজ্যপালেও স্বাক্ষৰ কৰা নাই কেবাখনো বিলত৷ পৰ্যালোচনাৰ পিছতহে এইসমূহ অধ্যাদেশত সাংবিধানিক মুৰব্বীয়ে মোহৰ মাৰিব বুলি বিগত সময়ত প্ৰকাশ কৰিছিল ৰাজভৱনে৷
অসমত কাৰ্যনিৰ্বাহ কৰা কেবাজনো ৰাজপালে কাৰ্যপালিকাৰ ক্ষমতাৰ ওপৰত মতা নাছিল মাত৷ কিন্তু ব্যতিক্ৰম হিচাপে পৰিগণিত হৈছে নতুন ৰাজ্যপাল আচাৰ্য৷
ওৰে জীৱন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হৈ কাম কৰা আচাৰ্যই ততালিকে সকলো আধৰুৱা কাম এতিয়াই সমাপ্ত কৰিবলৈ চেষ্টা কৰিছে৷ স্বাক্ষৰ নোহোৱাকৈ থকা বিলৰ তালিকা বিচাৰিছে চৰকাৰী বিভাগক৷
কোনো কাম পেলাই নোথোৱাৰ বাবে জনাজাত আচাৰ্য কেবাটাও বিভাগক ইতিমধ্যে সকীয়নি দিছে৷ তাৰ পিছতে লাগিছে হাহাকাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email