অসমতে আছে ৮০ হাজাৰ বিয়া

আয়তীয়ে জিভা পকাই পকাই উৰুলি দিয়াৰহে কথা৷ নাচনীয়েও আকৌ বিয়াঘৰত সোমাই ককাল ভাঙি নাচি তৈয়াৰ কৰিব পাৰিব ইটোৰ পছত সিটো ৰীল৷ কিয়নো শাৰদোৎসৱৰ পিছতে আহিছে বিয়াৰ বতৰ, এতেকে আকৌ টেণ্ট হাউছৰো বাঢ়িব ব্যস্ততা৷
মুঠতে কেইদিনমানৰ পিছতে নোহোৱা হ’ব কাৰোৰে সময়৷ কাৰণ অহা ৬০ দিনত দেশজুৰি সম্পন্ন হ’ব ৪৮ লাখ বিবাহ৷ অৱশ্যে ক’ত কিমান বিয়া হ’ব তাৰ হিচাপে এনেয়ে কৰা নাই, বিবাহৰ সৈতে জড়িত হৈ আছে অৰ্থনৈতিক সূত্ৰ৷
সৰ্বভাৰতীয় বাণিজ্য কনফেডাৰেশ্যনে প্ৰকাশ কৰা অনুসৰি ৪৮ লাখ বিয়া আয়োজনৰ বাবে লেনদেন হ’ব কমেও ১.৫০ লাখ কোটি টকা৷ ৰভাৰ পৰা আদি কৰি খাদ্য খোৱা পাতলৈ সামগ্ৰী কিনাৰ বাবে বিয়াঘৰীয়াই উদাৰহস্তে পইচা খৰচ কৰিব৷
কাপোৰৰ পৰা আদি কৰি ফটোগ্ৰাফাৰলৈ সকলোৱে লাভ কৰিব পাৰিশ্ৰমিক৷ গতিকে বিয়া অৰ্থনীতিয়ে সলাই পেলাব পৰা দেশৰ অৰ্থব্যৱস্থা৷ সেয়ে ৬০ দিনত ৪৮ লক্ষ বিবাহৰ আয়োজন অৰ্থনৈতিক দৃষ্টিকোণেৰেও হৈ পৰিছে গুৰুত্বপূৰ্ণ৷ যিহেতু বিবাহত প্ৰয়োজনীয় উপকৰণৰ বাবে ধনৰ লেনদেন হ’ব সেয়ে খৰচ হ’ব কেবাকোটি টকা৷
গতিকে বিয়া অৰ্থনীতি সাম্প্ৰতিক সময়ৰ বাবে হৈ পৰিছে গুৰুত্বপূৰ্ণ৷ আনহাতে এবছৰতে বিবাহৰ পৰিসংখ্যাও চকুত লগাকৈ বৃদ্ধি হৈছে৷ বাণিজ্যিক সংস্থাই প্ৰকাশ কৰা অনুসৰি যোৱাবছৰ নৱেম্বৰৰ পৰা ৬০ দিন ধৰি দেশত সম্পন্ন হৈছিল ৪৩ লাখ বিয়া৷ অৰ্থাৎ প্ৰায় ৪৩ লক্ষ যুৱক-যুৱতীয়ে যুগ্ম জীৱনৰ পাতনি মেলিছিল৷
এই পৰিসংখ্যা এইবাৰ চকুত লগাকৈ বৃদ্ধি হৈছে৷ যদি বতৰ ঠিকে থাকে তেন্তে অসমতে বিবাহৰ বতৰত প্ৰায ১ কোটি টকাৰ লেনদেন হ’ব৷ ৰাজ্যত ৬০ দিনৰ ভিতৰত সম্পন্ন হ’ব কমেও ৮০ হাজাৰ বিবাহ৷ গতিকে জুৱেলাৰীৰ পৰা আদি কৰি কাপোৰলৈ সকলোৰে বিক্ৰেতা লাভৱান হ’ব৷ দিল্লীতে বিবাহৰ বতৰত ডেৰকোটি টকাৰ লেনদেন হোৱাৰ আশা কৰা হৈছে৷
এই সময়ছোৱাত সামগ্ৰিকভাৱে বিক্ৰী হ’ব ৩ মেট্ৰিকটন মাংস৷ একে পৰিমাণৰে মাছৰো বিক্ৰী হ’ব৷ তদুপৰি পৰম্পৰাগত খাদ্যসম্ভাৰৰ বেপাৰীও বিবাহৰ বতৰতে লাভৱান হ’ব৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email