সাজি আছে সৰ্বকালৰ ভিতৰতে বৃহৎ বান্ধ

অসমক ধাৰেৰেও মাৰিছে, গেদিৰেও মাৰিছে৷ এফালে দেশৰ চৰকাৰে অৰুণাচলত সাজিবলৈ ওলাইছে ১৩টাকৈ সৰ্বনাশীয়া বান্ধ৷ আনদিশে বিদেশৰ চৰকাৰে ব্ৰহ্মপুত্ৰক ভেটি নিৰ্মাণ সম্পূৰ্ণ কৰিছে ৬০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম বান্ধ৷
কিছুদিনৰ পিছতে অসম যে মৰুভূমিত পৰিণত হ’ব সেয়াই নিশ্চিত কৰিছে নদীক ভেটিবলৈ আৰম্ভ হোৱা ৰাষ্ট্ৰীয় তৎপৰতাই৷ উপলব্ধ খবৰ অনুসৰি য়াৰ্লুং ছাংপো অৰ্থাৎ চীনৰ মাজেৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে মটুঅ’ মেগা বান্ধৰ৷ মাডাৰ অৱ অল ডেম অৰ্থাৎ সকলো বান্ধৰ মাতৃ হিচাপে অভিহিত কৰা হৈছে এই সৰ্ববৃহৎ প্ৰকল্পক৷
মটুঅ’ মেগা বান্ধ ইমানেই শক্তিশালী যে ইয়াৰ ফলত সূৰ্যৰ চৗদিশে পৃথিৱীৰ প্ৰদক্ষিণৰ গতিও ১ ছেকেণ্ড বিলম্বিত হৈ পৰিব৷ এইপৰ্যন্ত বান্ধটোত জল সংৰক্ষণ আৰম্ভ কৰা নাই যদিও শীঘ্ৰে কাম আৰম্ভ কৰিব চীনে৷ ভাৰতকে ধৰি চাৰিখন দেশৰ ১.৮ বিলিয়ন লোকৰ পানীৰ উৎস বিশাল ব্ৰহ্মপুত্ৰ অৱবাহিকা এই মেগা নদীবান্ধে শুকুৱাই পেলোৱাটো অৱধাৰিত৷
৬০ হাজাৰ মেগাৱাট শক্তি উৎপাদনক্ষম বান্ধটোত জল সংৰক্ষণ কৰিলেই ব্ৰহ্মপু্ত্ৰৰ নামনিমুৱা সোঁতৰ ৫০ শতাংশপৰ্যন্ত পানী নোহোৱা হ’ব৷ অৰ্থাৎ শুকাই যাব নদীখন৷ অথবা জলস্ৰোতৰ হেঁচা হ্ৰাস কৰিবলৈ চীনে বান্ধৰ গে’ট খুলি দিলেই মুহূৰ্ততে উটি যাব অসম আৰু অৰুণাচল প্ৰদেশ৷
সকলো বান্ধৰে জননী হিচাপে বিশ্বই অভিহিত কৰা মটুঅ’ৰ বিষয়ে তথ্য লাভৰ পিছতে খৰখেদা কৰিবলৈ নতুন দিল্লী বাধ্য হৈছে৷ খবৰ অনুযায়ী চীনৰ তৎপৰতাৰ পিছতে অৰুণাচলত বান্ধ সাজিবলৈ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷
এই প্ৰস্তাৱিত বান্ধ ৯ বিলিয়ন কিউবিক মিটাৰ পানীৰ ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰা হ’ব৷ অৰ্থাৎ প্ৰয়োজনীয় জলৰাশি সংৰক্ষণৰ সমান্তৰালকৈ হ’ব বিদ্যুৎ উৎপাদন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email