মন কৰিবচোন, কিছুদিনৰ পৰা চৰকাৰী চিকিৎসালয়ত বাঢ়িছে ৰোগীৰ মৃত্যু৷ মেডিকেল কলেজ কিম্বা চিভিলতো অসুস্থ ৰোগীৰ মৃত্যুহাৰ বৃদ্ধি হৈছে৷ বহুদিনৰ পৰা অসুস্থ হৈ থকা ৰোগীৰো পূজাৰ সময়তে মৃত্যু হৈছে৷
এই তথ্য কিন্তু এইবাৰ অস্বাভাৱিক৷ ICUত চিকিৎসাধীন হৈ থকা অধিকসংখ্যক ৰোগীৰ পূজাতে মৃত্যু হোৱাৰ তথ্য চৰকাৰী পৰিসংখ্যায়েই সদৰী কৰিছে৷
বৰ্ধিত পৰিসংখ্যাৰ কিন্তু কাৰণ আছে৷ সেই বিশেষ আৰু গোপন কাৰণটো হৈছে চৰকাৰী হাস্পতালত চিকিৎসকৰ কম সংখ্যা৷
এতিয়া অধিক হাৰত চিকিৎসকে চাকৰি এৰিছে৷ ফলত মেডিকেল কলেজ আৰু চিভিলত হ্ৰাস পাইে ডাক্টৰৰ সংখ্যা৷
তদুপৰি পূজাৰ বতৰত আন চৰকাৰী চাকৰিয়ালৰ দৰেই চিকিৎসকেও লৈছে ছুটী৷ গতিকে ICUতো চিকিৎসকৰ অভাৱ হৈছে৷ সেয়ে সুচিকিৎসাৰ অভাৱত পূজাৰ বতৰতে ৰোগীৰ অধিকহাৰত মৃত্যু ঘটিছে৷
আমি লাভ কৰা খবৰ অনুসৰি চৰকাৰী প্ৰতিষ্ঠানত সচৰাচৰৰ তুলনাত এইবেলি ৩০ শতাংশ অধিক ৰোগীৰ মৃত্যু ঘটিছে৷ ডিব্ৰুগড় মেডিকেল কলেজতো বাঢ়িছে মৃত্যুহাৰ৷
একেদৰে GMCHতো ৰোগীৰ মৃত্যুৰ পৰিসংখ্যা বৃদ্ধি হৈছে৷ এই পৰিসংখ্যাই প্ৰমাণ কৰিছে চৰকাৰী প্ৰতিষ্টানত চিকিৎসকৰ ভাৱ৷