দিল্লীলৈ মনে সজা প্ৰতিবেদন প্ৰেৰণ অভ্যাসত পৰিণত হৈছে কংগ্ৰেছ নেতৃত্বৰ৷ হাৰিয়ানাত পৰাজয়ৰ পিছত দলটোৰ কেন্দ্ৰীয় নেতৃত্বই উদঘাটন কৰিছে এই তথ্য৷
হাৰিয়ানাত কংগ্ৰেছ কিয় হাৰিল সেয়া বিশ্লেষণ কৰিছিল ৰাহুল গান্ধীৰ দলে৷ কিন্তু পৰ্যালোচনাৰ সময়ত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যিক নেতৃত্বই গত সময়ত দিল্লীলৈ প্ৰেৰণ কৰা প্ৰতিবেদন কোনোপধ্যে চৰজমিন নাছিল৷ অৰ্থাৎ ভোটাৰৰ মাজত সোমাই তথ্য সংগ্ৰহ নকৰাকৈয়ে দিল্লীলৈ এখন প্ৰতিবেদন প্ৰেৰণ কৰিছল হাৰিয়ানা প্ৰদেশ কংগ্ৰেছে৷
সচৰাচৰ প্ৰতিটো বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত দলৰ সম্ভাৱনাৰ বিষয়ে প্ৰদেশ গোটে দিল্লীলে প্ৰতিবেদন প্ৰেৰণ কৰে৷ সেই প্ৰতিবেদন হয় বিশ্লেষণভিত্তিক৷ যিহেতু প্ৰতিবেদনখন গোপন হয় সেয়ে সকলো তথ্যই তাত সন্নিৱিষ্ট কৰা হয়৷
পিছে কংগ্ৰেছৰ অভ্যন্তৰীণ প্ৰতিবেদনতে দলীয় নেতা ভূপিন্দৰ সিং হুদাই অন্ত্ভুক্ত কৰিছিল এলানি অবাস্তৱ তথ্য৷
এই ঘটনাই অসমৰ পৰিস্থিতিও প্ৰকাশ কৰিছে৷ দিল্লীস্থিত অসমৰ কংগ্ৰেছীয়ে প্ৰকাশ কৰা অনুসৰি ২০২১ চনৰ নিৰ্বাচনৰ সময়ত ৰাজীৱ ভৱনৰ পৰাও প্ৰেৰণ কৰা হৈছিল এটা অবাস্তৱ প্ৰতিবেদন৷
য’ত দাবী কৰা হৈছিল কংগ্ৰেছৰ নিশ্চিত বিজয় কথা৷ অন্যাৰ্থত হাইকমাণ্ডক ফাকি দি প্ৰদেশ নেতৃত্বই আভুৱা ভাৰি আছে সাধাৰণ কৰ্মীক৷ এয়াই প্ৰতিফলিত কৰিছে পৰিস্থিতিয়ে৷