অসমৰ বোৱাৰীৰ বজাৰ

সমস্যাটো কি কোনেও ধৰিব পৰা নাই, কিন্তু বিবাহিত মহিলাই ভাঙিছে সোণৰ সংসাৰ৷
আদবয়সত প্ৰেমত মতলীয়া হৈ পলাই গৈছে বিবাহিত মহিলা৷ দুৰ্গা পূজাৰ পৰা লক্ষীপূজালৈ কমেও ৪১ গৰাকী মহিলা প্ৰেমিকৰ সৈতে পলায়নৰ খবৰ আমি সংগ্ৰহ কৰিছোঁ৷ মেলা চাবলৈ যোৱা মহিলাই পুত্ৰ-কন্যাকো এৰি পলোৱাৰ পিছত তিনিজন স্বামীৰ মৃত্যু ঘটিছে৷
খবৰ অনুসৰি নগাওঁ, মৰিগাওঁ আৰু শোণিতপুৰত পূজা চাবলৈ গৈ নিৰুদ্দিষ্ট হৈছিল ১৪ গৰাকী বোৱাৰী৷ গাঁৱৰে মহিলাৰ সৈতে মেলালৈ গৈ তেওঁলোক নোহোৱা হৈছিল৷ ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাটতো ১৯ গৰাকী বোৱাৰী সন্ধানহীন হৈছে৷ এইপৰ্যন্ত তেওঁলোকৰ নাই কোনো শুং-সূত্ৰ৷
আনহাতে বিভিন্ন ঠাইৰ লক্ষীপূজাৰ মেলাৰ পৰাও ১০ গৰাকী বোৱাৰী নোহোৱা হৈছে৷ শোণিতপুৰ আৰু বিশ্বনাথতে বোৱাৰী হেৰুওৱাৰ দৰে ঘটনা ঘটিছে৷
বহুতো পুৰুষে মুখলজ্জ্বাৰ ভয়তে ঘটনা লুকুৱাই ৰাখিছে৷ আৰক্ষীৰ ওচৰত নিয়মমাফিক এজাহাৰ দাখিল কৰিলেও তেওঁলোকে পত্নীৰ পলায়নৰ কথা লুকুৱাইছে৷ পিছে সাম্প্ৰতিক ঘটনাৱলীয়ে সৃষ্টি কৰিছে একাধিক সংশয়ৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email