নিষিদ্ধ ঘোষণা হ’ব পাৰে, কিন্তু দেশত নিশ্চিহ্ন হৈ যোৱা নাই পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া৷ বৰং শক্তি বৃদ্ধিহে হৈছে দেশৰ বাবে ক্ষতিকাৰক মৌলবাদ সংগঠনৰ৷ কাশ্মীৰৰ পৰা অসমলৈ ১৩ হাজাৰ সদস্যই গঢ়িছে মকৰা জালৰ দৰে নেটৱৰ্ক৷
নিষিদ্ধকৰণৰ পিছত পি এফ আইৰ অভাৰগ্ৰাউণ্ড সমৰ্থকৰ সংখ্যাও বৃদ্ধি হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত অসমৰ উপৰি মণিপুৰতো আণ্ডাৰগ্ৰাউণ্ড সংগঠনটোৰ ভেটী আছে৷ পি এফ আয়ে বিভিন্ন ন্যাস আৰু ব্যক্তিৰ নামত ধন গোটোৱাৰ তথ্য লাভৰ পিছতে সক্ৰিয় হৈ পৰিছে এনফ’ৰ্চমেণ্ট সঞ্চালকালয়৷ তাৎক্ষণিকভাৱে অভিযান চলাই তদন্তকাৰীয়ে বাজেয়াপ্ত কৰিছে উগ্ৰপন্থীয়ে সংগ্ৰহ কৰা ৫৬.৫৬ কোটি টকা৷
অচল সম্পত্তিৰ ৰূপত থকা ধনৰাশি এনফ’ৰ্চমেণ্টে ইতিমধ্যে নিজৰ জিম্মাত লৈছে৷ কিন্তু তথাপি হ্ৰাস পোৱা নাই পি এফ আইৰ অৰ্থনৈতিক প্ৰতিপত্তি৷ এনফৰ্চমেণ্টে লাভ কৰা খবৰ অনুযায়ী অসম আৰু মণিপুৰৰ উপৰি কেৰালা, তামিলনাডু, পশ্চিমবংগ, তেলেংগানা, দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, বিহাৰ আৰু কাশ্মীৰৰ বেংক একাউণ্টত সংগঠনটোৱে ধন জমা কৰিছে৷ হাৱালাৰ মাধ্যমেৰে পি এফ আয়ে বিদেশৰ পৰাও ধন আনি ভাৰতত গোটাইছে৷
কিন্তু সঞ্চিত অৰ্থৰে কূটাঘাত সংঘটিত কৰিবলৈ এলানি পৰিকল্পনা কৰিছে ইছলামিক সন্ত্ৰাসবাদীয়ে৷ তদন্তকাৰীৰ সূত্ৰই সদৰী কৰা অনুসৰি এইকেইখন ৰাজ্যৰ ভিন্ন বেংক একাউণ্টত পি এফ আইৰ ছদ্মবেশী সদস্যই গোটাইছে প্ৰায় ৯৪ কোটি টকা৷ আচৰিতভাৱে মধ্যপ্ৰাচ্যৰ দেশৰ লগতে ছিংগাপুৰলৈয়ো পি এফ আইৰ নেটৱৰ্ক বিস্তৃত হৈছে৷ ইছলামিক ৰাষ্ট্ৰ কুৱেইট, ওমান, কাটাৰ আৰু ছৗদি আৰবৰ পৰাই মূলত: বৰ্তমান চলি আছে সংগঠনটো৷
বিদেশত থকা নেতৃত্বৰ নিৰ্দেশ অনুসৰি অসমতো পিয়াপি দি ফুৰিছে পি এফ আইৰ সদস্যই৷ এই সন্দৰ্ভত প্ৰতিখন ৰাজ্যৰ আৰক্ষীকে কেন্দ্ৰীয় তদন্তকাৰীয়ে দিছে আগতীয়া তথ্য৷ এই অভিযান অসমৰ বাবে হৈ পৰিছে বিপজ্জনক৷ কিয়নো ৰাজ্যত ইতিমধ্যে জেহাদীৰ শ্লিপাৰ চেলৰ সম্ভেদ লাভ কৰিছে দিল্লীয়ে৷ যাৰ বাবে গোৱালপাৰা, বৰপেটা আদিত অভিযান চলাই সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে৷ তাৰ পিছতে অসমতো ওলাইছে পি এফ আই৷