OIL ইণ্ডিয়া লিমিটেডে মাটি খান্দি তেল নিছে অসমৰ৷ কিন্তু উপাৰ্জন কৰা পইচাবোৰ দিছে নাগালেণ্ডক৷ অসমক পইচা দিবলৈ কৃপণালী কৰা OILয়ে আন ৰাজ্যত পিছে টকা ঢালি দিছে৷
অসমৰ তেলেৰে বেপাৰ কৰা OILয়ে CSR ফাণ্ডৰ ৫৬৭ লাখ টকা নাগালেণ্ডত খৰচ কৰিছে৷ যিখন ৰাজ্যত OILৰ অস্তিত্বই নাই তাতে দিছে ইমানবোৰ ধন৷
OILৰ মুখ্য প্ৰশাসনিক বিষয়া পদত অসমীয়া ৰঞ্জন কুমাৰ গোস্বামী নিয়োজিত হৈ থকাৰ পিছতো কিন্তু অসমে একো পোৱা নাই৷
দিহিং পাটকাই বা OILৰ ভুলতে ধ্বংস হোৱা বাঘজানকো প্ৰতিষ্ঠানটোৱে একোৱেই সহায় কৰা নাই৷ ছমহা জ্বলি থকাৰ পিছত বাঘজানৰ মাগুৰি-মটাপুং বিল প্ৰায় ধ্বংস হৈ গৈছে৷ বাঘজানৰো ঘৰে ঘৰে বিয়পিছে আচহুৱা বেমাৰ৷ মহিলাসকল মাহেকীয়াজনিত ৰোগত আক্ৰান্ত হৈছে৷
তথাপি OILৰ শীৰ্ষ বিষয়াৰ খবৰ ল’বলৈয়ো আগ্ৰহ নাই৷ টকা দিয়াটো দূৰৰে কথা, বাঘজানলৈ যোৱাও নাই OILৰ অসমীয়া বিষয়া৷
কিন্তু অসমৰ পৰা খান্দি নিয়া তেল বেচি পোৱা টকাৰে সহায় কৰিছে নাগালেণ্ডক৷ শেহতীয়াকৈ OILয়ে নাগালেণ্ডৰ ইনটাংকি ফৰেষ্ট ডেভেলপমেণ্ট এজেন্সীক দিছে ৫৬৭ লাখ টকা৷ সংস্থাটোৰ কামত সহায়ৰ বাবে CSR ফাণ্ডৰ পইচা নাগালেণ্ডত বিলাই দিছে৷
কিন্তু অসমক দিবলৈ OILৰ পইচা নাই৷