আপোনালোকে আন সময়ত কিমান প্ৰকৃতিপ্ৰেমী সংগঠনৰ নাম শুনি থাকে? নেচাৰ্ছ অমুক, তমুক, ভচুক আদিবোৰে সভা-সমিতি পাতিয়েই থাকে৷ পিছে লক্ষ্য কৰকচোন, গিবনত খননৰ বিৰুদ্ধে কিন্তু একমাত্ৰ কেইজনমান যুৱকেহে প্ৰতিবাদ কৰিছে৷ সভা-সমিতি পাতি ফুৰা সংগঠনবোৰৰ নেতা শুই আছে৷
বিভিন্ন আঁচনিৰ নামত চৰকাৰী ধন লাভ কৰা সংগঠনৰ নেতাবোৰে পাহৰি গৈছে প্ৰতিবাদৰ ভাষা৷ অসমৰ এজন ফোপজহী প্ৰকৃতিপ্ৰেমীয়ে সময়ে সময়ে নদীদ্বীপৰ আৱিষ্কাৰক বুলিও জহাই ফুৰে৷ অৰণ্যত বিচৰণৰ কথাৰে কিতাপো ৰচনা কৰা প্ৰকৃতিবিদজনো গিবনৰ প্ৰসংগত নীৰৱে আছে৷
বেদান্ত গ্ৰুপে গিবনত খনন চলোৱাৰ প্ৰসংগত তেওঁলোকে এষাৰো কথা কোৱা নাই৷ কেইজনমান অখ্যাত যুৱকে খননৰ বিৰোধিতাৰে বিভিন্ন স্থানত দেৱাল অংকন কৰিছে৷ তেওঁলোকৰ প্ৰতিবাদী চিত্ৰই মোহাৰি ফুৰিছে চৰকাৰে৷
কিন্তু চেলিব্ৰিটী প্ৰকৃতিপ্ৰেমী চুপ মাৰি আছে৷ তেওঁলোকে চৰকাৰী ধনেৰে মাত্ৰ পাতিছে অনৰ্থক সজাগতা সভা৷ ৩০ জন মানুহ গোটাই মিটিং পাতি তেওঁলোকে চৰকাৰৰ পৰা লৈছে ৩০০ মানুহক আহাৰ খুওৱাৰ খৰচ৷
প্ৰকৃতি সুৰক্ষাৰ সংগঠন আচলতে এচাম লোকৰ বাবে চাকৰিৰ দৰেই হৈ পৰিছে৷ অৰণ্যৰ নামতো দালালি কৰি সেইসকলে লৰিছে লাহ-বিলাহ৷