অসমত তিষ্ঠি থাকিব নোৱাৰিলে বিষধৰ ৰাছেল ভাইপাৰ৷ শুকান ৰাজ্যৰ পৰা অসত সোমোৱা সাপবিধৰ সংখ্যা নামনিতো ক্ৰমে কমি আহিছে৷ অৱশ্যে কোনেও ৰাছেল ভাইপাৰৰ হানি কৰা নাই৷ প্ৰাকৃতিক কাৰণতে অসমত সংখ্যা টুটি আহিছে ৰাছেল ভাইপাৰৰ৷
প্ৰথমে অসমৰ ভিন্ন এলেকাত ৰাছেল ভাইপাৰৰ হঠাৎ বংশবৃদ্ধিক লৈ আতংকৰ সৃষ্টি হৈছিল৷ তাৰ পিছতে বঙাইগাঁওৰ উপৰি তেজপুৰৰ বিহগুৰিতো সাপবিধৰ উপস্থিতি প্ৰমাণিত হ’ল৷ শোণিতপুৰৰ জামুগুৰিহাটলৈয়ো সম্প্ৰসাৰিত হৈছিল ৰাছেল ভাইপাৰৰ উপস্থিতি৷
কিন্তু অসমৰ থলুৱা সাপেই ৰাছেল ভাইপাৰৰ সংখ্যা ক্ৰমে কমাই আনিছে৷ গোৱালা সাপৰ প্ৰিয় খাদ্য হৈ পৰিছে এইবিধ সাপ৷ বিভিন্ন ঠাইত শংখচূড় অথবা ব্ৰেণ্ডেড ক্ৰেইট নামেৰেও পৰিচিত সাপবিধে ৰাছেল ভাইপাৰ ভক্ষণ কৰিছে৷
অসমৰ প্ৰায় সকলো ঠাইতে পোৱা গোৱালা সাপে সংখ্যা কমাই আনিছে ৰাছেল ভাইপাৰৰ৷ সৰ্প বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি নামনি অসমত ৰজাফেটীয়েও খাইে ৰাছেল ভাইপাৰ৷ অজ্ঞাত উৎসৰ পৰা অসমলৈ অহা মাৰাত্মক সাপবিধ থলুৱা সাপে ভক্ষণ কৰি ৰাইজক সকাহ দিছে৷
প্ৰকৃতিৰ খাদ্য শৃংখলৰ জৰিয়তে ৰাছেল ভাইপাৰৰ সংখ্যা ক্ৰমে হ্ৰাস পাইছে৷ এবাৰতে ৪০টা পৰ্যন্ত পোৱালি জগোৱা সাপবিধ সেয়ে অসমত হ্ৰাস পাইছে৷