কোনো বন্ধু গায়ক সাৰি নাযায়, কোনো অভিনেত্ৰীও বাচিব নোৱাৰে৷ চুমি বৰাৰ সৈতে জড়িত প্ৰতিজনকে জেৰা কৰিব CBIয়ে৷ অসমত উপস্থিত হোৱা কেন্দ্ৰীয় তদন্তকাৰীৰ বিশেষ দলটোৱে চুমিৰ ব্লাউজ ডিজাইন কৰা ডাইৰেক্টৰকো জেৰা কৰিব৷
প্ৰাপ্ত তথ্য অনুসৰি চুমিৰ সৈতে ঘনিষ্ঠ একাধিকক ইতিমধ্যে CBIয়ে চমন দিছে৷ তেওঁলোকক সম্ভৱতঃ প্ৰথম পৰ্যায়ত গুৱাহাটীতে জেৰা কৰা হ’ব৷ পিছে তাৰ পিছত ডিব্ৰুগড় জে’ললৈ মাতি পঠিওৱা হ’ব সকলো ঘনিষ্ঠকে৷ কাৰাগাৰত চুমিৰ সৈতে মুখামুখিকৈ বহুৱাই তেওঁলোকক কৰা হ’ব জেৰা৷
অসম আৰক্ষীয়েও ইতিমধ্যে CBIক প্ৰদান কৰিছে গোচৰটোৰ সকলো নথি৷ অৱশিষ্ট ফাইলো আৰক্ষীয়ে তদন্তকাৰীক জমা দিছে৷ সেইসূত্ৰে বিচাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে CBIয়ে৷
আনহাতে আমি লাভ কৰা তথ্য অনুযায়ী এজন গায়কক জেৰা কৰিবলৈ প্ৰথমেই চমন জাৰি কৰা হৈছে৷ ব্যক্তিগতভাৱে চুমি আৰু তাৰ্কিকৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰা গায়কজনক সোধা-পোছা কৰিব তদন্তকাৰীয়ে৷
একেদৰে এগৰাকী অভিনেত্ৰীও সন্মুখীন হ’ব জেৰাৰ৷ বৰ্তমান ব্যৱসায়ৰ সৈতেও জড়িত হৈ পৰা অভিনেত্ৰীগৰাকীক ডিব্ৰুগড়লৈ তলৱ কৰা হ’ব পাৰে৷