ৰহস্যঘন ৰাজনৈতিক পৰিৱেশত নৱজীৱন লাভৰ আপ্ৰাণ চেষ্টা চলাইছে অগপই৷ জেৰাইত সফল সন্মিলনৰ পিছতে অতুল বৰাই কিবা-কিবি কৰি আছে৷ পিছে আমি সেইবোৰ ক’বলৈ ওলোৱা নাই৷
আমি ক’বলৈ লৈছোঁ পৰেশ বৰুৱাৰ আগ্ৰহৰ কথা৷ সাম্প্ৰতিক প্ৰেক্ষাপটত অগপৰ তৎপৰতাৰ কাৰণ জানিবলৈ আগ্ৰহী হৈ পৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ৷ জংঘলৰ পৰা পৰেশ বৰুৱাই লৈছে অগপৰ কুচকাৱাজৰ খবৰ৷
পৰেশ বৰুৱাৰ জন্মগাঁও জেৰাইত অনুষ্ঠিত অগপৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিছিল তেওঁৰে একালৰ সতীৰ্থ অনুপ চেতিয়াই অংশগ্ৰহণ কৰিছিল৷ গতিকে পৰেশ বৰুৱাই ঘনাই ফোন কৰিছে চেতিয়ালৈ৷
জেৰাই গাঁৱত অগপৰ নেতাসকলে কি কথা পাতিলে সেয়া জানিবলৈ পূৰ্বতকৈ বেছি আগ্ৰহী হৈ পৰিছে অৰণ্যনিৱাসী বৰুৱা৷ যাৰ বাবে যোৱা তিনিদিনৰ ভিতৰত কেবাবাৰো তেওঁ অনুপ চেতিয়াৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷
পিছে পৰেশ বৰুৱাৰ ঔৎসুক্যক লৈ ৰহস্যৰো সূচনা হৈছে৷ কিয়নো কিছুদিন পূৰ্বে অগপত যোগদান কৰিছে তেওঁৰ ককায়েক বিমল বৰুৱাই৷ গতিকে পৰেশ বৰুৱাৰ আগ্ৰহ বহুতৰে বাবে হৈ পৰিছে চিন্তাৰ কাৰণ৷
পিছে জেৰাই গাঁৱৰ মিটিঙৰ খবৰ সুধি তেওঁ ব্যতিব্যস্ত কৰি তুলিছে অনুপ চেতিয়াক৷ পাৰেমানে পৰেশ বৰুৱাক সকলো খবৰেই দিছে অনুপ চেতিয়াই৷