কিয় মতিউৰ ৰহমান আছিল ৰঞ্জন গগৈৰ শত্ৰু…

আপুনি প্লিজ ওলাই যাওক৷
Just get lost
আপুনি যদি ওলাই নাযায় তেন্তে মই পুলিচ মাতিম
ছিকিউৰিটী
Get him out
এই কথাকেইটা কৈছিল ৰঞ্জন গগৈয়ে৷ তেতিয়াও গগৈ আছিল ছুপ্ৰিম ক’ৰ্টৰ মুখ্য ন্যায়াধীশ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ সবাতোকৈ উচ্চপদত আসীন হৈ থকা গগৈৰ কিন্তু মতিউৰ ৰহমানক দেখিলেই খং উঠিছিল৷
অসম সন্মিলিত মহাসংঘ নামৰ সংগঠনটোৰ সচিব হিচাপে বেনাৰত ভিত্তিবৰ্ষ সংক্ৰান্তীয় গোচৰ তৰিছিল দীঘল চুলিৰ অধিবক্তা মতিউৰ ৰহমানে৷ অসম আৰু অসমীয়াক গোৱাৰৰ দৰে ভাল পোৱা ৰহমানেই গোচৰটোত ওকালতিও কৰিছিল৷
কিন্তু তেতিয়াৰ মুখ্য ন্যায়াধীশৰ আদালতত গোচৰৰ শুনানি হ’লেই খঙত অগ্নিশৰ্মা হৈ পৰিছিল ৰঞ্জন গগৈ৷ অজ্ঞাত কাৰণত গগৈয়ে চকু পাৰি দেখিব নোৱাৰিছিল মতিউৰ ৰহমানক৷
পিছলৈ ৰঞ্জন গগৈৰ আদালতত অনুষ্ঠিত শুনানিতে অংশগ্ৰহণ নকৰা হৈছিল মতিউৰ ৰহমানে৷ এই কথা ছুপ্ৰিম ক’ৰ্টত হৈ পৰিছিল চৰ্চিত বিষয়৷
তাৰ পিছত ৰঞ্জন গগৈও আদালতৰ পৰা ওলাল৷ কালি শেষ হ’ল মতিউৰ ৰহমানে তৰা গোচৰৰ শুনানি৷ ৰহমান হাৰিল, কিন্তু ৰঞ্জন গগৈৰো খবৰেই নোহোৱা হ’ল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email