কি হৈছে ঠিক নাই, কিন্তু জনতা ভৱনৰ D ব্লকত কিবা এটা হৈছে৷ য’তমানে অথন্তৰৰ কেন্দ্ৰ হৈ পৰিছে জনতা ভৱনৰ D ব্লক৷
কিছুদিন পূৰ্বে D ব্লকতে মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সচিব আৰু OSDয়ে দালালক জনতা ভৱনত প্ৰৱেশৰ অনুমতি পত্ৰ দিছিল৷
তদুপৰি ভুৱা ৱৰ্ক অৰ্ডাৰৰ নামত ধনৰ লেনদেন কৰিবলৈ অনুমতি দিছিল৷ তাৰ পিছতে লাগিছিল হাহাকাৰ৷
D ব্লকতে আকৌ মধুশালাৰ লাইচেঞ্চৰ বাবে ২৫ হাজাৰ টকা ঘোচ লৈ কালি পাৰ্থ হাজৰিকা নামৰ কেৰানীজন ধৰা পৰিল৷
কিন্তু শুনক, এতিয়া হাত ওপৰলৈ দঙা পাৰ্থ হাজৰিকা আছিল সচিবালয় সেৱা সন্থাৰ নেতা৷ তেওঁ সচিবালয়ৰ প্ৰতিবাদী সত্ত্বা হিচাপেই পৰিচিত আছিল৷
পাৰ্থ হাজৰিকা সচিবালয়ৰ অনিয়মৰ বিৰুদ্ধে সততে আছিল সৰৱ৷ পাৰ্থ হাজৰিকাৰ নেতৃত্বতে সচিবালয়ৰ কৰ্মচাৰীয়ে চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদ কৰিছিল৷ সৰ্বানন্দ সোণোৱালৰ দিনত মন্ত্ৰী হৈ থকা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে কৰ্মচাৰীয়ে কৰা প্ৰতিবাদৰো গুৰি ধৰিছিল এইজন পাৰ্থ হাজৰিকাই৷
জনতা ভৱনৰ D ব্লকৰ সৰৱ নেতা পাৰ্থই কিন্তু ঘোচ লৈ ফান্দত পৰিল৷
আনহাতে পূৰ্বৰ জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তৰ কাৰ্যকালতো মন্ত্ৰীৰ নামত ঘোচ লৈ সচিব কুজেন্দ্ৰ দলে ধৰা পৰিছিল৷ গতিকে সচিবালয়ৰ D ব্লক হৈ পৰিছে অভিশপ্ত স্থান৷