এইবাৰ RSSয়ে শুদাই নেৰে বিজেপিকে৷ মোদী-শ্বাহৰ অনুগতক এটা শিক্ষা ভালকৈয়ে দিব সংঘই৷
কাৰণ কাৰ্যকালৰ ম্যাদ ৩ মাহৰ আগতেই শেষ হ’ল জে পি নড্ডাৰ৷ পিছে লগন উকলি গ’লেও নতুন সভাপতি এতিয়ালৈ বাছনিয়েই কৰিব নোৱাৰিলে বিজেপিয়ে৷ গতিকে সৰ্বশেষত শীৰ্ষ পদৰ বাবে নৰেন্দ্ৰ মোদীৰ পছন্দৰ প্ৰাৰ্থীৰ সৈতে ৰাষ্ট্ৰীয় স্বযংসেৱক সংঘই প্ৰক্ষেপ কৰা প্ৰাৰ্থী যে প্ৰতিদ্বন্দ্বিতাত লিপ্ত হ’ব লাগিব সেয়াও হৈ পৰিছে অৱধাৰিত৷
সম্প্ৰতি শেনৰ এজাত হৈ বিজেপিৰ বৰঘৰৰ বিষয়াবৰ্গক নতুন সভাপতিৰ বিষয়ে জবাবদিহি কৰিছে RSSয়ে৷ তথাপি এতিয়ালৈ সম্ভাৱ্য সভাপতিৰ নাম চূড়ান্ত কৰিব নোৱাৰা বিজেপিয়ে গঠন কৰিছে এখন কমিটী৷ যি কমিটীয়ে সভাপতি নিৰ্বাচন অনুষ্ঠিত কৰিব৷
কিন্তু নোহোৱা-নোপোজা ধৰণেৰে দলটোৱে কমিটী গঠন কৰাৰ ঘটনাই অভ্যন্তৰীণ কন্দলকে স্পষ্ট কৰিছে৷ তথ্য অনুযায়ী সংঘই বিজেপিৰ সভাপতি পদৰ বাবে প্ৰক্ষেপ কৰিছে সঞ্জয় যোশী অথবা বসুন্ধৰা ৰাজে সিন্ধিয়াক৷ যিকেইজন নেতাৰ সৈতে মোদী আৰু অমিত শ্বাহৰ সম্পৰ্ক অহি-নকুল বুলি জনা যায তেওঁলোককে সংঘই মনোনীত কৰিছে৷
শেষ বিকল্প হিচাপে সংঘই প্ৰক্ষেপ কৰিছে যুৱনেতা দেৱেন্দ্ৰ ফড়নৱিছক৷ পিছে তেওঁলোকৰ কাকো মানি ল’বলৈ মোদী সন্মত নহয়৷ কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফলে শক্তিহীন কৰা মোদীকো সংঘই প্ৰত্যাহ্বান জনাইছে৷
তাৰ পিছতো চূড়ান্ত অহমিকাৰে নিজৰ পছন্দৰ শিৱৰাজ সিং চৗহানক পদৰ বাবে আগবঢ়াই দিবলৈ তৎপৰ হৈ পৰিছে মোদী৷ বিনাপ্ৰতিদ্বন্দ্বিতাৰ সলনি নিৰ্বাচন পাতি হ’লেও নিজৰ অনুগতক সভাপতি পাতিবলৈ যে মোদী আগ্ৰহী সেয়াই সাম্প্ৰতিক পৰিস্থিতিয়ে প্ৰতিপন্ন কৰিছে৷