ভাৰতৰ বাবে ইছলামিক দেশত বন্ধ কৰি দিয়া হৈছে বিবাহ৷ একমাত্ৰ ভাৰতৰ ভয়তে কাৰ্যকৰী কৰা হৈছে সৰ্বাত্মক বন্ধ৷
বন্ধ হৈ থকা ইছলাম দেশখন হৈছে পাকিস্তান৷ ক’ভিডকালত প্ৰৱৰ্তিত সৰ্বাত্মক বন্ধতকৈয়ো কঠোৰ লকডাউন দেশৰ ইমূৰৰ পৰা সিমূৰলৈ বলৱৎ কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে৷
দেশখনক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক বুলি কৈ দিয়া ভাৰতীয় বিদেশমন্ত্ৰী এছ জয়শংকৰ সম্প্ৰতি উপস্থিত হৈছিল ইছলামাবাদত৷ ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণৰ বাবে বৈৰীদেশলৈ গৈছিল মোদীৰ বিচক্ষণ ডিপ্ল’মেট সতীৰ্থ৷
গতিকে জয়শংকৰৰ উপস্থিতিৰ সময়তে যাতে লজ্জ্বিত হ’বলগীয়া নহয় তাৰ বাবে পাক চৰকাৰে সীমান্তৰ পৰা নি ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত নিয়োজিত কৰিছে ১০ হাজাৰোধিক সেনা৷ স্থানীয় আৰক্ষীৰ সৈতে সেনাই তন্ন তন্নকৈ সকলো পৰীক্ষা কৰিছে৷
সচৰাচৰ সদায়েই বোমা বিস্ফোৰণ ঘটা পাকিস্তানত ৪৮ ঘণ্টালৈ যাতে এটোপালো ৰক্তপাত নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে৷ ৰাৱালপিণ্ডিৰ লগতে ইছলামাবাদতো বন্ধ কৰা হৈছে সকলো হোটেল, ক্লাব আদি৷
সকলো ব্যৱসায়িক সম্পত্তিৰ গৰাকীয়ে দুদিন বেপাৰ বন্ধ ৰাখিব বুলি ব’ণ্ডত চহী কৰিছে৷ সৰ্বোপৰি জয়শংকৰৰ উপস্থিতিৰ সময়ত পাকিস্তানত নিষিদ্ধ কৰি দিয়া হৈছে বিবাহ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি সকলো বিবাহ ভৱনতে তলা লগাই দিয়া হৈছে৷ বিবাহৰ আচিলাতে যাতে কোনেও অপ্ৰীতিকৰ ঘটনা ঘটাব নোৱাৰে তাৰ বাবে চৰকাৰ সষ্টম হৈ পৰিছে৷ সংসাৰ তৰাতো বিলম্বৰ কাৰণ হৈ পৰিছে জয়শংকৰ৷