ছুপ্ৰিম ক’ৰ্টকো নামানে নেকি?

কে’ছ খেলিবলৈ আৰু দিল্লীলৈ যাব নালাগে৷ বগা ছাৰ্ট, ক’লা পেণ্ট৷ ভৰিত চামৰাৰ ক’লা জোতা, হাতত ফাইল৷
এই দৃশ্য অসমৰ ৰাইজৰ মনত আছে৷ এইধৰণে সাজি-কাছি দিল্লীলৈ যাবলৈ ওলোৱা ছাত্ৰনেতাসকলক প্ৰায়ে বাতৰিত সকলোৱে দেখে৷
পিছে আজিৰ পৰা সম্ভৱতঃ ছাত্ৰনেতাসকলক ৰাইজে নেদেখে৷ তেওঁলোক আৰু দিল্লীলৈ কে’ছ খেলিবলৈ যাব নালাগে৷ কাৰণ সকলো বিচাৰৰ মোখনি মাৰি আজি ছুপ্ৰিম ক’ৰ্টে অসমৰ ভিত্তিবৰ্ষ ১৯৭১য়েই হৈ থাকিব বুলি ৰায় দিলে৷
তাৰ পিছতে অসমত চলি থকা দীৰ্ঘ পৰিক্ৰমাৰ অন্ত পৰিল৷ ১৯৫১ চনক অসমৰ ভিত্তিবৰ্ষ কৰি ৰখাৰ দাবী নাকচ কৰি ন্যায়াধীশে হুকুম জাৰি কৰাৰ লগে লগে হোৱাইট কলাৰ ছাত্ৰনেতাৰ দিল্লীযাত্ৰাৰো ইতি পৰিল৷
কিন্তু বিমুখ হ’ল মতিউৰ ৰহমান নামৰ নেতাজনো৷ আছু-আমছুৱে দিল্লীত নাটকীয়ভাৱে যুঁজি থকাৰ সময়ত ছুপ্ৰিম ক’ৰ্টৰ ৰায়ে নতুন অধ্যায়ৰে সূত্ৰপাত কৰিলে৷
আনহাতে বিগত সময়ত NRC নামানো বুলি অভিহিত কৰিছিল বিভিন্ন দল-সংগঠনে৷ কিন্তু এই বিষয়টোত তেওঁলোকৰ ভূমিকাও হ’ব লক্ষণীয়৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email