অহা ২৫ বছৰলৈ পথৰ মেৰামতি কৰাৰ চুক্তিৰে ঠিকা দিয়া হৈছিল ফ’ৰলেন নিৰ্মাণকাৰী কোম্পানীক৷ তেওঁলোকে চৰকাৰৰ সৈতে চুক্তি কৰিছিল- ম্যাদ থকালৈ কোম্পানীয়ে পথ নিজা খৰচত মেৰামতি কৰিব৷ অৰ্থাৎ পথৰ তত্ত্বাৱধানৰ বাবে চৰকাৰে এপইচাও খৰচ কৰিব নালাগে৷
আন ৰাজ্যত সেই চুক্তিমতেই কাম হৈ আছে৷ পিছে অসমতহে কোম্পানীয়ে চুক্তিখন বৰচাঙত তুলি ধোৱা দি আছে৷ এফালৰ পৰা সাজি থকা ৰাস্তা সিফালৰ পৰা ভাগি আহিছে৷ কিন্তু কোনেও মেৰামতি কৰা নাই৷
গুৱাহাটীৰ পৰা মধ্য অসম ভ্ৰমণ কৰিলেই উমান পোৱা যায় পথৰ দুৰৱস্থাৰ৷ নগাঁৱৰ পৰা আৰম্ভ হোৱা ফ’ৰলেন ক্ৰমে ধ্বংস হৈছে৷ টোলগে’ট চৰকাৰে ঠিকেই বহুৱাইছে কিন্তু পথ মেৰামতি কৰিবলৈহে কাৰোৰে সময় নাই৷
ফলশ্ৰুতিত পথ হৈ পৰিছে গাঁতময়৷ গৰ্ভৱতী মহিলাৰ বাবে নগাঁৱৰ পৰা তেজপুৰলৈ পথছোৱা দুৰ্বিষহ হৈ পৰিছে৷ গুৱাহাটীৰ পৰা যাত্ৰাই হৈ পৰিছে অসম্ভৱ৷
কিন্তু চুক্তিৰ পিছতো কিয় চৰকাৰে মেৰামতিৰ বাবে নিৰ্মাণকাৰীক বাধ্য কৰাব পৰা নাই সেয়াহে ৰহস্যজনক৷ আন সকলো ৰাজ্যতে কিন্তু চুক্তি অনুসৰি নিৰ্মাণকাৰীয়ে কাম কৰি আছে৷
একমাত্ৰ অসমতে নগাঁৱৰ পৰা তেজপুৰলৈ পথত হৈছে দুই শতাধিক গাঁত৷ মধ্য অসমৰ আনছোৱা পথতো যাত্ৰা কষ্টকৰ হৈ পৰিছে৷