ক্ৰমে আয়ুস টুটি আহিছে ২০০ টকীয়া নোটখনৰ৷ পাতল গুলপীয়া কাগজী নোটৰ প্ৰচলন বন্ধ কৰিবলৈ ওলাইছে ভাৰতীয় ৰিজাৰ্ভ বেংক৷ ২০০০ টকীয়া নিষিদ্ধকৰণৰ দৰেই আকৗ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বৰ্তমান বিত্ত দপ্তৰেও নিৰ্দেশ দিছে৷
৮ বছৰৰ পূৰ্বে বিমুদ্ৰাকৰণৰ পিছত প্ৰৱৰ্তন কৰা ২০০ টকীয়া নোটখন দেশৰ বাবে সম্পদৰ সলনি আপদ হৈ পৰিছে৷ পূৰ্বে কাহানিও ২০০ টকীয়া মুদ্ৰাৰ প্ৰচলন নথকাসত্ত্বেও চৰকাৰে মুকলি কৰা নোটৰ বাবে অৰ্থনৈতিক ক্ষতি হৈছে৷ তদুপৰি মুদ্ৰাস্ফীতিৰো অন্যতম কাৰণ হৈ পৰিছে এইখন নোট৷
২০০ টকীয়াৰ ৰূপত অধিক পৰিমাণৰ অৰ্থৰ প্ৰচলন অৰ্থনৈতিকভাৱে বিপজ্জনক হৈ পৰিছে৷ সেয়ে এইবছৰতে ২০০ টকীয়া বন্ধ কৰিবলৈ উদ্যত হৈছে চৰকাৰ৷ উক্ত বিষয়তে কেন্দ্ৰই ইতিমধ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিছে৷ খবৰ অনুসৰি নৱেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০ টকীয়াৰ প্ৰচলনৰ সমাপ্তি ঘোষণা কৰিব৷ তাৰ পিছতে সকলো বেংক আৰু ডাকঘৰৰ জৰিয়তে নোটখন ওভতাই দিবলৈ উপভোক্তাক সুযোগ দিয়া হ’ব৷
দুমাহৰ ভিতৰত সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি চৰকাৰে নিষিদ্ধ কৰিব ২০০ টকীয়া৷ এই বিষয়ত সাৱধানী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিত্ত মন্ত্ৰ্যালয়ে প্ৰস্তুতি চলাইছে৷ কাৰণ ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধৰ সময়ত অবাঞ্চনীয় সমস্যাৰ সূত্ৰপাত হৈছিল৷ দেশত প্ৰচলিত হৈ থকা ২০০০ টকীয়াৰ ৯৭.৮৭ শতাংশ নোটহে ওভোতাই লাভ কৰিছিল ৰিজাৰ্ভ বেংকে৷
অৰ্থাৎ ৭,৫৮১ কোটি টকা বৰ্তমানো ব্যক্তিগত স্থানত অজ্ঞাত লোকে জমা কৰি ৰাখিছে৷ আনহাতে কেবাখনো দেশৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছে ২০০ টকীয়াই৷ চুবুৰীয়া নেপালতে বিগত সময়ত প্ৰচলিত হৈ আছিল ভাৰতীয় মুদ্ৰা৷ কিন্তু দেশখনত ভাৰতীয় ২০০ টকীয়াৰ প্ৰচলন বন্ধ কৰা হৈছে৷ আনহাতে এখন দুশটকীয়া নোট ছপাবলৈ ৰিজাৰ্ভ বেংকে খৰচ কৰে ২.৯৪ টকা৷ কিন্তু ২.৯৪ টকাতে এখন ৫০০ টকীয়াও ছপা কৰিব পাৰি৷ সেইদিশেৰে বিবেচনা কৰিও গুলপীয়া নোটখনৰ প্ৰচলন বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে বিত্ত বিভাগে৷