সাহসী বুলি অনুৰাগীয়ে প্ৰশংসা কৰা ভাইজান পলাই ফুৰিছে৷ চিনেমাত সাহসী নায়কৰ অভিনয় কৰা ছলমান খানৰ ভয়তে অণ্ঠ-কণ্ঠ শুকাই গৈছে৷
যৌৱনৰ উন্মাদনাত তাহানিয়েই কৰা কুকাৰ্যই খেদি ফুৰিছে ছলমান খানক৷ এটা ভুলে ইমানেই সন্ত্ৰস্ত কৰিছে যে বৰ্তমান অজ্ঞাতবাস কৰিবলগীয়া হৈছে বলীউডৰ কোটিটকীয়া অভিনেতাই৷
প্ৰাণৰ মমতাত বৰ্তমান সকলোৰে পৰা আঁতৰি আছে অভিনেতাজন৷ লৰেন্স বিষ্ণয় গেঙৰ ছুপাৰী কিলাৰে বুকু ভেদি যোৱাৰ ভয়ত তেওঁ বাতিল কৰিছে সকলো কাৰ্যসূচী৷ কোটিটকীয়া প্ৰজেক্ট স্থগিত ৰাখি ছলমানে আত্মগোপনেই কৰি আছে৷
অহা ছমাহলৈ তেওঁ চিনেমাৰ শ্বুটিং নকৰে বুলিও ঘোষণা কৰা হৈছে৷ অৰ্থাৎ প্ৰযোজকক মহাসংকটত পেলাই সাময়িকভাৱে ছলমানে পৰিত্যাগ কৰিছে বলীউড৷ মহাৰাষ্ট্ৰৰ প্ৰতাপী এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাক লৈ তেওঁ ইমানেই শংকিত হৈ পৰিছে যে ৰাজহুৱা জীৱনেই পৰিহাৰেই কৰিছে৷
সম্প্ৰতি আৰক্ষীয়ে ছিদ্দিকীৰ হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত কেবাজনকো গ্ৰেপ্তাৰ কৰিছে৷ পিছে সমগ্ৰ দেশব্যাপী বিষ্ণয় গেঙৰ ৭০০ শ্বাৰ্প শ্বুটাৰে পিয়াপি দি ফুৰিছে বুলি খবৰ নিশ্চিত কৰিছে তদন্তকাৰীয়ে৷ ছদ্মবেশত ঘূৰি ফুৰা বন্দুকধাৰীয়ে যে যিকোনো সময়তে লক্ষ্য কৰি ল’ব পাৰে সেই বাৰ্তা ছলমানক দিছে আৰক্ষীয়ে৷
বৰ্তমান অভিনেতাজনক চৰকাৰে প্ৰদান কৰিছে ৱাই পৰ্যায়ৰ নিৰাপত্তা৷ কিন্তু কেবাজনো দেহৰক্ষীৰ আবেষ্টনীত থাকিও সুৰক্ষিত হোৱা নাই ছলমান৷ আৰক্ষীয়ে বৰ্তমান প্ৰকাশ কৰা অনুসৰি শক্তি প্ৰদৰ্শনৰ বাবেই বিষ্ণয় গেঙৰ বন্দুকধাৰীয়ে হত্যা কৰিছে ছলমানৰ ঘনিষ্ঠ ছিদ্দিকীক৷
এই কথা কাৰাৰুদ্ধ লৰেন্স বিষ্ণয়েও প্ৰকাশ কৰিছে৷ ফলত অজ্ঞাত স্থানত বাহৰ পাতিবলৈ বাধ্য হৈছে বলীউডৰ ভাইজান৷ হাম সাথ সাথ হ্যে নামৰ চিনেমাৰ শ্বুটিঙৰ সময়ত যোধপুৰত কৃষ্ণসাৰ মৃগ হত্যাৰ অভিযোগত বিষ্ণয় গেঙৰ ৰোষৰ বলি হোৱা ছলমানৰ বাবে এতিয়া আত্মগোপনৰ বিকল্প নাই৷